চিকিৎসা-নীতি উলংঘাঃ জিএনআৰচি হাস্পতালৰ তিনি চিকিৎসকক ২০ লাখ টকাৰ জৰিমনা
চিকিৎসা নীতি উলংঘা কৰাৰ অভিযোগত, ৰাজ্যৰ এখন আগশাৰীৰ বে-চৰকাৰী চিকিৎসালয়, জিএনআৰচি হাস্পতালৰ অন্যতম সঞ্চালক তথা জ্যেষ্ঠ চিকিৎসকসহ তিনিজন চিকিৎসকক ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে ২০ লাখ টকাৰ জৰিমনা বিহিছে। অৰুণাচল প্ৰদেশৰ নীৰজুলিৰ টাকাম জেমছ নামৰ এজন ভুক্তভোগীয়ে দাখিল কৰা এটা গোচৰৰ সম্পৰ্কত ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে জি এন আৰ চি হাস্পতালৰ অন্যতম সঞ্চালক ডাঃ নভনীল বৰুৱাৰ লগতে ডাঃ বিভান বিহাৰী দে আৰু ডাঃ মনোজ আগৰৱালাক এই জৰিমনা বিহিছে। ইয়াৰ লগতে গোচৰৰ নামত ভুক্তভোগী লোকজনে কৰা খৰচ হিচাপে তেওঁক ৫০ হেজাৰ টকা আদায় দিবলৈও উপভোক্তা আয়োগে নির্দেশ দিছে। তথ্য অনুসৰি ২০১৩ চনৰ জুলাইত এটা দুর্ঘটনাত পতিত হোৱা টাকাম জেমছক জিএনআৰচি হাস্পতালত কৰা চিকিৎসাৰ সময়ত হোৱা গাফিলতি আৰু অৱহেলাৰ ফলত ভুক্তভোগী লোকজনে চিৰদিনলৈ কণ্ঠস্বৰ হেৰুৱাব লগা হয় বুলি তেওঁ গোচৰ তৰিছিল। গুৱাহাটীত কৰোৱা চিকিৎসাৰ পাছত সৃষ্টি হোৱা জটিলতাৰ বাবে পৰৱৰ্তী সময়ত তামিলনাডুৰ ভেলোৰৰ চি এম চিলৈ যোৱাত টাকাম জেমছৰ ক্ষেত্ৰত হোৱা ভুল চিকিৎসা তথা চিকিৎসকৰ গাফিলতিৰ কথা ধৰা পৰে। তাৰ পাছতে ভুক্তভোগী লোকজন ২০১৪ চনত উপভোক্তা আয়োগৰ কাষ চাপে। প্রায় এক দশকজোৰা আইনী যুঁজৰ পাছত আয়োগে তেওঁৰ সপক্ষে ৰায়দান কৰি এই নিৰ্দেশ দিছে।
