সূৰ্যৰ অতি নিকটত নাছাৰ মহাকাশ যান

সূৰ্যৰ নিচেই কাষেৰে পাৰ হৈ গৈছে নাছাৰ এখন মহাকাশ যান। বৰদিনৰ পূৰ্ব সন্ধ্যা সূৰ্যৰপৰা মাত্র ৬১ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰে সূৰ্য অধ্যয়নৰ বাবে নাছাই প্ৰেৰণ কৰা মহাকাযান 'পাৰ্কাৰ ছ'লাৰ প্ৰ'ব'-এ। সূৰ্যৰ আটাইতকৈ নিকটত উপস্থিত হোৱা মহাকাশ যান হিচাপে বিবেচিত হৈছে 'পাৰ্কাৰ ছ'লাৰ প্ৰ'ব'। সূৰ্য অভিমুখে ইতিমধ্যে প্ৰেৰণ কৰা পূৰ্বৰ মহাকাশ যানবোৰৰ তুলনাত 'পাৰ্কাৰ ছ'লাৰ প্ৰ'ব' সূৰ্যৰ ৭ গুণ ওচৰত উপস্থিত হৈছে। সেই সময়ত মহাকাশ যানখনৰ গতিবেগ আছিল প্রতি ঘণ্টাত ৬.৯ লাখ কিলোমিটাৰ। সূৰ্যৰ আটাইতকৈ নিকটত উপস্থিত হোৱাৰ পূৰ্বে মহাকাশ যানখনে ২১বাৰকৈ সূৰ্যৰ কাষেৰে পাৰ হৈ গৈছিল।