কেইঘণ্টামান পাছতে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছে, ক'ত, কিদৰে চাব পাৰিব লাইভ?

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে ইতিমধ্যে ওভতনি যাত্ৰা আৰম্ভ কৰিছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰে৷ ক্রু-৯ৰ মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বনভৰ সৈতে পৃথিৱীলৈ উভতি আহিব সুনীত আৰু উইলমোৰ৷ বুধবাৰে পুৱতি নিশা ফ্লৰিডাৰ উপকুলত তেওঁলোকৰ ওভতনি যাত্ৰাৰ মহাকাশযান অৱতৰণৰ সম্ভাৱনা আছে৷ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৯ মাহ কটোৱাৰ পিছত অৱশেষত পৃথিৱীলৈ উভতি অহাটো নিশ্চিত হৈছে মহাকাশচাৰী ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ বুচ উইলমোৰৰ। বাতৰি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আবদ্ধ মহাকাশচাৰীসকলৰ সৈতে তেওঁলোকে স্পেচএক্সৰ কেপচুল ক্রু-৯ উভতনি যাত্ৰা কৰিছে। আমেৰিকাৰ মহাকাশ সংস্থা, চমুকৈ নাছাই সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰৰ পৃথিৱীত অৱতৰণৰ আনুমানিক সময় আৰু স্থান নিশ্চিত কৰিছে। মহাকাশচাৰীসকলৰ পৃথিৱীলৈ উভতি অহা উৰণৰ লাইভ কভাৰেজো নাছাই দেখুৱাবলৈ প্ৰস্তুতি চলোৱা হৈছে। তথ্য অনুসৰি, নাছাৰ বিনামূলীয়া স্ট্রীমিং প্লেটফর্ম নাছা+ (পূর্বতে নাছা টিভি)ত এই লাইভ ষ্ট্ৰিম উপলব্ধ হ’ব। ইয়াৰ উপৰি www.plus.nasa.gov টো উপলব্ধ হ'ব লাইভ ভিডিঅ’। ইয়াৰ উপৰিও মহাকাশ সংস্থাটোৰ ছ'চিয়েল মিডিয়া প্লেটফর্ম এক্স, ফেচবুক, ইউটিউব আদিটো এয়া উপলব্ধ হ’ব৷ নাছাৰ ছ’চিয়েল মিডিয়া হেণ্ডেলবোৰ হৈছে— Dailymotion: NASA; Facebook: NASA; Flickr: NASA HQ Photo; Giphy: @nasa; Instagram: NASA; LinkedIn: NASA; Pinterest: @nasa; ;Reddit: u/nasa Snapchat: NASA; Soundcloud: NASA; Spotify: nasaspotify; Tumblr: NASA; Twitch: NASA; X: @nasa; YouTube: @NASA ডাইৰেক্ট টিভি, ডিচ নেটৱৰ্ক, গুগল ফাইবাৰ, এমাজন ফায়াৰ টিভি, এপল টিভি আদিটো এই কভাৰেজ উপলব্ধ হ’ব বুলি কোৱা হৈছে৷ ভাৰতীয় সময় অনুসৰি ১৯ মার্চ (বুধবাৰ)ৰ মাজ নিশা ২:১৫ বজাত নাছা+ত ৰিটাৰ্ণ কভাৰেজ আৰম্ভ হ’ব৷