১৮ মাহে গোপনে ৰাখিলে প্ৰেমৰ সম্পৰ্ক ! কোন এন গৌৰী স্প্ৰাট ?
পুনৰ প্ৰেমত পৰিছে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান৷ ৬০ বছৰীয়া জন্মদিনৰ পূৰ্বে আমিৰ খানে ৰাজহুৱা কৰে তেওঁৰ নতুন প্ৰেয়সীৰ সবিশেষ৷ আমিৰে চলচ্চিত্ৰ জগতৰ বাহিৰৰ কাৰোবাক ডেট কৰা বুলি ব্যাপৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যদিও কাৰো হাতত নাছিল কোনো নিশ্চিত খবৰ৷ পাপাৰাজ্জীৰ অহৰহ নিৰীক্ষণৰ পিছতো প্ৰায় ১৮ মাহ ধৰি নিজৰ সম্পৰ্ক গোপনে ৰাখিবলৈ সক্ষম হৈছিল আমিৰ খানে ! মুম্বাইৰ এখন হোটেলত জন্মদিনৰ পূৰ্বে অনুষ্ঠিত হোৱা মিট এণ্ড গ্ৰীটৰ সময়ত প্ৰেমিকা গৌৰী স্প্ৰাটক চিনাকি কৰাই দি অনুৰাগী আৰু সংবাদ মাধ্যমক আচৰিত কৰি তুলিছে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে । যোৱা ১৪ মাৰ্চত ৬০ বছৰ সম্পূৰ্ণ কৰা অভিনেতাগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰাৰ সময়ত তেওঁৰ জীৱনৰ বিয়লিবেলাৰ প্ৰেমৰ সবিশেষ প্ৰকাশ কৰে৷ আমিৰৰ নতুন প্ৰেয়সীৰ নাম হৈছে গৌৰী স্প্ৰাট৷ কোন এই গৌৰী স্প্ৰাট? বেংগালুৰু নিৱাসী গৌৰী স্প্ৰাটে জীৱনৰ বেছিভাগ সময় বেংগালুৰুতে কটাইছে । বেংগালুৰুৰ এখন সুপৰিচিত চেলুনৰ গৰাকী ৰীতা স্প্ৰাটৰ কন্যা গৌৰী । গৌৰীয়ে ব্লু মাউণ্টেইন স্কুলত শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ লণ্ডনৰ ইউনিভাৰ্ছিটী অফ দ্য আৰ্টছত এফ ডি এ ষ্টাইলিং এণ্ড ফটোগ্ৰাফী নামৰ ফেশ্বন পাঠ্যক্ৰম সম্পূৰ্ণ কৰে । লিংকড্ইন প্ৰফাইল অনুসৰি গৌৰীয়ে বৰ্তমান মুম্বাইত এখন বিব্লাণ্ট চেলুন চলাই আছে । তেওঁ এতিয়া আমিৰ খানৰ প্ৰডাকশ্যন হাউছৰ সৈতেও কাম কৰি আছে । এটি ছবছৰীয়া সন্তানৰ মাতৃ গৌৰীৰ বিগত ২৫ বছৰ ধৰি চিনা পৰিচয় আছে আমিৰ খানৰ সৈতে । অৱশ্যে মাত্ৰ ১৮ মাহ পূৰ্বে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হয় । ব্যক্তিগত জীৱনৰ বিষয়ে অত্যন্ত কম কথা কোৱাৰ বাবে পৰিচিত অভিনেতাজন কৌশলেৰে সংবাদ মাধ্যম আৰু অনুগামীৰ পৰা এই সম্পৰ্ক লুকুৱাই ৰাখিবলৈ সক্ষম হয় । পৰিস্থিতিটোক কৌতুকপূৰ্ণ ৰূপ দি আমিৰে সংবাদমেলত কয়, "দেখা, কুছ ভি পতা নেহী চলনে দিয়া মেইনে তুম লগো কো (চাওক, মই আপোনালোক কাকো ইয়াৰ একোৱে গম পাবলৈ নিদিলো)! আমিৰে চলচ্চিত্ৰ জগতৰ বাহিৰৰ কাৰোবাক ডেট কৰা সন্দৰ্ভত পূৰ্বেও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল কোনেও নিশ্চিত হোৱা নাছিল । সম্পৰ্কটো কেনেকৈ লুকুৱাই ৰাখিছিল বুলি সোধাত আমিৰে কয়, "তেওঁ বেংগালুৰুত বাস কৰে, গতিকে মই তেওঁক লগ কৰিবলৈ তালৈ গৈছিলো । তাত সংবাদ মাধ্যম ইমান সক্ৰিয় নহয় আৰু সেইটোৱে আমাৰ সহায় হৈছিল । তেওঁ ইতিমধ্যে গৌৰীক তেওঁৰ পৰিয়াল আৰু সন্তানৰ সৈতে পৰিচয় কৰাই দিয়া বুলিও কয়। তেওঁ ৰগৰ কৰি কয় যে পাপাৰাজ্জীয়ে বলীউডৰ আন তাৰকাসকলৰ তুলনাত তেওঁৰ ব্যক্তিগত জীৱনত কমকৈ চকু ৰাখে । তেওঁ কয়, "মেৰে ঘৰ পে ফ’কাচ থোড়া কম হে । আপ লোগ মিছ কৰ দেতে হো" !
