বৰপেটাৰ দৌলৰ সৈতে ”ফানুচ”ৰ সম্পৰ্ক কি? এইবাৰ উৰিব ১৪ টা ফানুচ
উলহমালহেৰে উদযাপনৰ আয়োজন চলিছে বৰপেটাৰ ঐতিহাসিক দৌল মহোৎসৱ । অহা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ বৰপেটা সত্ৰত পালন কৰা হ'ব এই দৌল মহোৎসৱ ৷ এই দৌল মহোৎসৱৰ এক এৰাব নোৱাৰা অংগ “ফানুচ”ৰ বিষয়ে আপুনি জানেনে? বৰপেটাৰ দৌলৰ এক এৰাব নোৱৰা অংশ হৈছে ফানুচ । কিয়নো কেৱল দৌলৰ সময়তহে তৈয়াৰ কৰা হয় ফানুচ । ৰং বিৰঙী কাগজ, বাঁহ, গুণা, আঠা আৰু শলিতাৰে তৈয়াৰ কৰা হয় ফানুচ। প্ৰথমে বাঁহৰ এডাল পাতলীয়া কামিৰে এটা চকৰি সজা হয় সেই চকৰিটোত ধান থোৱা ডুলিৰ আকাৰত নানাৰঙী কাগজ আঠা লগোৱা হয় । তাৰ পিছত চকৰিটোত গুণা গাঁঠি মাজত শলিতা ওলোমাই দিয়া হয় । সেই শলিতা মিঠাতেলত জুবুৰিয়াই তাত জুই লগাই দিলেই উৰি যায় ফানুচটো । এইবাৰৰ দৌল মহোৎসৱৰ বাবে ১৪ টা ফানুচ তৈয়াৰ কৰি থকা হৈছে । তাৰে ৫ টা গোন্ধযাত্ৰাৰ দিনা আৰু ৫ টা ভৰদৌলৰ দুদিনত উৰুওৱা হ'ব । উৰি যোৱাৰ পাছত শলিতা প্ৰায় এঘণ্টা ধৰি জ্বলি থাকে আৰু তেতিয়ালৈকে আকাশৰ বহু ওপৰত ফানুচটোত উৰি থাকে । চকুৰে নেদেখালৈ এই ফানুচটো উৰি যায় । দৌল উৎসৱৰ ঐতিহ্য আৰু পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ এই ফানুচ উৰুওৱা পৰ্ব চাবলৈ প্ৰতি বছৰে অগনন লোকৰ ভিৰ হয় বৰপেটাত।
