অৱসৰৰ পাছতো ৩৫জন বিষয়া চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত
অৱসৰৰ পাছতো ৩৫জন বিষয়াক ৰাজ্য চৰকাৰে বিভিন্ন পদবীত নিয়োগ কৰি ৰাখিছে। এই বিষয়াসকলৰ ভিতৰত সদ্য অৱসৰপ্ৰাপ্ত আমোলাৰপৰা আৰম্ভ কৰি ৭৪ বছৰ বয়সীয়া ব্যক্তিলৈকে আছে। অৱসৰকালীন নিযুক্তিৰ সময়ত এই বিষয়াসকলে মাহিলি ২.২১ লাখ টকা পর্যন্ত দৰমহা লাভ কৰি আছে। বিধান সভাত দাখিল কৰা তথ্য অনুসৰি লোকনিৰ্মাণ বিভাগৰ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিশেষ আয়ুক্ত' আৰু বিশেষ সচিব হিচাপে নিযুক্ত হৈ থকা ৬৩ বছৰ বয়সীয়া ৰাজ চক্রবর্তীয়ে মাহিলি সর্বাধিক ২,২১,০৫৪ টকা পাৰিশ্রমিক পায়। চক্রবর্তীৰ, উপৰি লোকনির্মাণ বিভাগত আন নজন বিষয়া অৱসৰৰ পাছত বিশেষ আয়ুক্ত, বিশেষ সচিব, অ’এছডি হিচাপে নিযুক্ত হৈ আছে। তেওঁলোক হৈছে চন্দন শৰ্মা,দিব্যজ্যোতি চহৰীয়া, বিভূতি শইকীয়া , দেৱজিৎ ভূঞা, হিৰণ্ময় সেন , কুশল কুমাৰ শইকীয়া , ব্রজমোহন চৌধুৰী , ভূদেৱ শৰ্মা আৰু বিৰাজ তালুকদাৰ। চন্দন শৰ্মাই মাহিলি ৯৯,৪৫০ টকা; দিব্যজ্যোতি চহৰীয়াই ৮২,৪৫২ টকা: বিভূতি শইকীয়াই ৯১,৪০২ টকা; দেৱজিৎ ভূঞাই ৯১,২০৩ টকা; হিৰণ্ময় সেনে ৮৩,৯৩৬ টকা; কুশল কুমাৰ শইকীয়াই ৮৮,১৫৫ টকা; ব্রজমোহন চৌধুৰীয়ে ৮১,৩৫০ টকা, ভূদেৱ শৰ্মাই ৮২,৮২১ টকা আৰু বিৰাজ তালুকদাৰে ৯২,৮৩০ টকা চৰকাৰৰ পৰা পাই আছে। ইপিনে, বিশেষ মুখ্য সচিব (বন) পদত নিযুক্তি দিয়া ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এম কে যাদৱক মাহেকত পাই আছে ১,৭২,১২৫ টকাকৈ। বিশেষ শাখাৰ বিশেষ অতিৰিক্ত আৰক্ষী সঞ্চালক হিচাপে নিযুক্ত হৈ থকা অৱসৰপ্ৰাপ্ত আই পি এছ হীৰেন চন্দ্ৰ নাথে ১,৭১,৪৩৭ টকাকৈ, বিশেষ শাখাৰ অ' এছ ডি তথা অতিৰিক্ত আৰক্ষী সঞ্চালক লুইচ অইন্দে ৯৬,০১১ টকাকৈ; আই জি পি (অভিযান) জিৎমল দলেই ১,০৭,১০৮ টকাকৈ, বিশেষ শাখাৰ আই জি পি বন্যা গগৈয়ে ৫৬,০৪৩ টকাকৈ, মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ডি এছ পি মৃণাল শর্মাই ৫৬,৫৪৬ টকাকৈ পাই আছে। অৱসৰপ্ৰাপ্ত আই এফ এছ দিব্যধৰ গগৈক মাহেকত ৬০ হেজাৰ টকাকৈ পাৰিতোষিক দি বন্যপ্রাণী উপদেষ্টা হিচাপে, ৫৮,০৪৮ টকা নিৰিখত সুব্রত পুৰকায়স্থক সাধাৰণ প্রশাসন বিভাগৰ (জিএডি) বিশেষ ষ্টেনোগ্রাফাৰ হিচাপে; ৬৮,৩৪৫ টকা নিৰিখত অনিল চন্দ্র শর্মাক জি এ ডিৰ অ' এছ ডি হিচাপে; ৬৪,৫৬৬ টকা নিৰিখত জি এ ডিৰ ব্যক্তিগত সচিব পদত ভাৰত চন্দ্ৰ দাসক; জি এ ডিৰ অ' এছ ডি পদত ৭৪,৫২৬ টকা নিৰিখত ৰঞ্জন বিশ্বাসক নিয়োগ কৰি ৰখা হৈছে। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত ১.৩০ লাখ টকা নিৰিখত নৃপেন্দ্র মোহন দাস ক মুখ্য কাৰিকৰী বিষয়া পদত; ৪৪ হেজাৰ টকা নিৰিখত গাণনিক বিষয়া হিচাপে ঈশ্বৰ চন্দ্ৰ শৰ্মাক নিযুক্তি দিয়া হৈছে। বৈশ্যৰ পাৰিতোষিক এতিয়াও নিৰ্দ্ধাৰণ হোৱা নাই। আনহাতে, আর্বান নলেজ হাবত আৰ্বান এডভাইজৰ হিচাপে নিযুক্ত দীপক বেজবৰুৱাক ঘণ্টাত ২০০০ টকা হিচাপত পাৰিশ্রমিক, দি থকা হৈছে (মাহকত সর্বাধিক ৪০ ঘণ্টা)। পৰিবহন বিভাগত অ' এছ ডি হিচাপে গৌতম দাসক ৬৩,৬৮৮ টকা নিৰিখত নিয়োগ কৰা হৈছে। এনেদৰে অৱসৰৰ পাছত নিযুক্ত আন কেইজনমান বিষয়া হৈছে— চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আই টি পৰামৰ্শদাতা ধীৰাজ দেউৰী ; বিত্ত বিভাগৰ অ' এছ ডি দেৱজ্যোতি নাথ , চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উপ-সঞ্চালক ডঃ নিতুল শৰ্মা ; বিত্তীয় উপদেষ্টা পরিত্র কুমাৰ শৰ্মা ; মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ বিশেষ আয়ুক্ত আৰু সচিব ৰঞ্জন শর্মা ; ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কে জে হিলালী ; পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনীন্দ্র শর্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপদেষ্টা হিচাপে বিজিত দত্ত৷ ইপিনে, ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত বন বিষয়া দশৰথ ডেকাক ৬৫ হেজাৰ টকা নিৰিখত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত পৰামর্শদাতা হিচাপে নিয়োগ কৰি ৰখা হৈছে।
