বিয়াৰ প্ৰতিশ্ৰুতিৰে দুবছৰলৈকে যুৱতীক ধৰ্ষণ! বেংগালুৰুৰ পৰা ব্ল'গাৰক গ্ৰেপ্তাৰ
কেৰালাৰ মালাপ্পুৰমৰ এগৰাকী যুৱতীক বিয়াৰ ভুৱা প্রতিশ্রুতি দি বিগত দুবছৰে ধৰ্ষণ কৰা আৰু পাছত প্রতিশ্রুতি ভংগ কৰাৰ অভিযোগত এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ তথা ব্ল'গাৰক বেংগালুৰুৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি অভিযুক্ত ব্ল'গাৰজনে সামাজিক মাধ্যমৰ জৰিয়তে যুৱতীগৰাকীৰ সম্পৰ্কলৈ আহিছিল৷ পৰৱৰ্তী সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পর্ক গঢ় লৈ উঠে আৰু ব্ল'গাৰজনে বিয়াৰ প্রতিশ্রুতি দিয়ে। অভিযোগমতে মালাপ্পুৰমৰ বিভিন্ন হোটেলত দুয়ো প্রায়ে মিলিত হৈছিল। কিন্তু দুবছৰে সম্পৰ্ক কৰাৰ পাছত ব্ল'গাৰজনে লাহে লাহে সম্পর্ক ঢিলাই দিবলৈ ধৰে। যুৱতীগৰাকীয়ে বিয়াৰ বাবে হেঁচা দিয়াত ব্ল'গাৰজনে অশ্লীল ছবি আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দিয়ে ৷ উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে ব্ল'গাৰজনৰ বিৰুদ্ধে মালাপ্পুৰম আৰক্ষীৰ ওচৰত অভিযোগ দিয়ে। আৰক্ষীয়ে লগে লগে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু শনিবাৰে ব্ল'গাৰজনক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্ল'গাৰজনৰ নাম হ'ল জুনেইদ।
