ৰীলক লৈ কাজিয়া
আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ সমীপত ছাত্রক গুলীয়াই হত্যা উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। শনিবাৰে মহম্মদ কাইফ এজন একাদশ শ্রেণীৰ ছাত্ৰক ঘৰৰ পৰা মাতি আনি কেইজনমান ছাত্রই গুলীয়াই হত্যা কৰে। এবিকে ইউনিয়ন স্কুলৰ বাহিৰত এই ঘটনা সংঘটিত হয়। প্রকাশিত বাতৰি অনুসৰি ছাত্ৰজনে ঘৰৰ পৰা অহাৰ পাছত সতীর্থ ছাত্ৰৰ সৈতে কাজিয়া হয়। কাজিয়াৰ পাছত ছাত্ৰজনে উক্ত স্থানৰ পৰা যাবলৈ ওলাওতেই দৌৰি পলাবলৈ বিচৰাৰ সময়তে গুলীচালনা কৰা হয়। গুলী ছাত্ৰজনৰ পেটত লাগে। আহত ছাত্রজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। নিহত ছাত্ৰজনৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পাঁচজন ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ছ’চিয়েল মিডিয়াৰ এটা ৰীলক কেন্দ্ৰ কৰি কেইদিনমান পূর্বে তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু তাৰেই পৰিণতি এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে৷
