শিৱৰাত্ৰিৰ 'প্ৰসাদ' খুৱাই ছাত্রীক দলবদ্ধ ধর্ষণ

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। আৰক্ষী থানাত ৰুজু হোৱা গোচৰ অনুসৰি শিৱৰাত্ৰিৰ প্ৰসাদ খুৱাই দুষ্কৃতিকাৰীয়ে এগৰাকী ছাত্ৰীক দলবদ্ধ ধর্ষণ কৰিছে। ধর্ষণ কাণ্ডত জড়িতৰ অভিযোগত দুই অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। ধৃত অভিযুক্ত দুজন হৈছে গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ গ্ৰীল জংচন হোটেলৰ স্বত্বাধিকাৰী চন্দন মহন্ত আৰু তেওঁৰ কৰ্মচাৰী ৰৌহন আলী। গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ মধ্য জিলাৰ উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, কাৰ্বি আংলঙৰ দুগৰাকী ছাত্ৰীয়ে মহানগৰীৰ এটা ছাত্ৰী নিবাসত থাকি গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানত অধ্যায়ন কৰি আছিল। শিৱৰাত্ৰিৰ দিনা সন্ধিয়া ছাত্ৰী দুগৰাকী গ্ৰীল জংচন হোটেলত আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। হোটেলৰ স্বত্বাধিকাৰী চন্দন মহন্ত আৰু কৰ্মচাৰী ৰৌহন আলীয়ে ছাত্রী দুগৰাকীৰ লগত চিনাকী হৈ বন্ধুত্ব গঢ়ি তোলে আৰু শিৱৰাত্ৰি উপলক্ষে প্ৰস্তুত কৰা ঘোটা খুউৱাই৷ বহু সময় কথাপাতি স্বত্বাধিকাৰী মহন্তই শিৱৰাত্ৰি উপলক্ষে ছাত্রী দুগৰাকীক ফুৰাবলৈ নিব বুলি প্রস্তাৱ দিয়ে। এই প্ৰস্তাৱত সন্মতি জনাই দুই ছাত্রীয়ে চন্দন মহন্ত আৰু ৰৌহন আলীৰ লগত ফুৰিবলৈ হোটেলৰ পৰা ওলাই যায়। স্বত্বাধিকাৰী চন্দন মহন্ত আৰু ৰৌহন আলীয়ে ছাত্রী দুগৰাকীক ৰাজগড় ৰোডৰ ৰশ্মি হোটেললৈ লৈ যায় আৰু তাতে অপকৰ্ম কৰে৷ ঘটনা সন্দর্ভত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দুই অভিযুক্তৰ বিৰুদ্ধে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি চন্দন মহন্ত আৰু ৰৌহন আলীক গ্ৰেপ্তাৰ কৰিছে।