নিত্য ব্যৱহাৰ্যৰ বাদে আন সামগ্রী ক্ৰয়ৰ নাই সামর্থ্য দেশৰ ৯০% লোকৰ
দেশৰ ৯০% লোকৰে উপভোক্তা সামগ্রী ক্ৰয় কৰিবলৈ হাতত নাই ধন। ১৪০ কোটি লোকৰ দেশ ভাৰতৰ ১০০ কোটি লোকৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী বাদ দি আন সামগ্রী বা সেৱা ক্ৰয়ৰ বাবে এতিয়া ধন হাতত নাই। বিজনেছ কেপিটেল সংস্থা 'ব্লুম ভেন্সাৰ্ছ'ৰ এক সমীক্ষাত এই তথ্য প্ৰকাশিত হৈছে। ব্লুম ভেন্সাৰ্ছৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ মাত্র ১৩-১৪ কোটি জনতাহে উপভোক্তা শ্ৰেণীত পৰে। এইসকল লোকৰহে মৌলিক প্রয়োজনীয়তাৰ ঊৰ্দ্ধত ব্যয় কৰিবলৈ অতিৰিক্ত আয় আছে। আন ৩০ কোটি লোক হৈছে উদীয়মান বা প্রত্যাশী গ্রাহক, যিসকলে ডিজিটেল পেমেন্ট মাধ্যমেৰে অধিক ব্যয় কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু তেওঁলোক সাৱধানী গ্রাহক। ইয়াৰ 'বিপৰীতে ভাৰতত উপভোক্তাৰ বজাৰত দেখা গৈছে বৰ্দ্ধিত ব্যৱধান। একাংশ কোম্পানীয়ে প্রিমিয়ামিজেচন' নীতি গ্রহণ কৰিছে, যি চহকী গ্ৰাহকৰ বাবেহে ব্যয়বহুল উৎপাদনত মনোনিৱেশ কৰিছে। বিলাসী ঘৰ আৰু স্মার্টফোনৰ বিক্ৰী বৃদ্ধি ইয়াৰ উদাহৰণ। ইয়াৰ বিপৰীতে ব্যয়সাধ্য ঘৰ বা স্মার্টফোনৰ বিক্ৰী কমিছে। কোভিডোত্তৰ কালত অৰ্থনীতিৰ পুনৰুত্থানতো দেখা গৈছে এই বৰ্দ্ধিত ব্যৱধান। চহকীৰ সমৃদ্ধি ঘটাৰ বিপৰীতে দৰিদ্ৰৰ ক্ৰয়ৰ ক্ষমতা হ্রাস পাইছে বুলি অধ্যয়নত প্রকাশ। প্রতিবেদনৰ তথ্য মতে, মুঠ ৰাষ্ট্ৰীয় আয়ৰ ৫৭.৭ শতাংশই এতিয়া শীর্ষ ১০% ভাৰতীয়ৰ হাতত। ইয়াৰ বিপৰীতে মুঠ আয়ত কম আয়ৰ ভাৰতীয়ৰ অংশ ২২.২%ৰপৰা ১৫% হৈছে। প্রতিবেদনত কোৱা হৈছে যে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন গ্ৰাহকৰ ব্যয় ক্ষমতাৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে। যদিহে আয়ৰ সমবিতৰণ উন্নত নহয়, তেন্তে উচ্চ আয়ৰ লোকৰ মাজতহে ব্যৱসায় বিস্তৃত হ'ব আৰু ফলত বৃহৎ অংশৰ লোক অধিক অনগ্ৰসৰ হৈ ৰ'ব।
