যৌতুকৰ বাবে অত্যাচাৰ, স্বামীৰ বিৰুদ্ধে আৰক্ষীত গোচৰ দেশৰ আগশাৰীৰ বক্সাৰৰ

যৌতুক বিচাৰি স্বামীয়ে অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে অৰ্জুন বঁটা প্ৰাপক বক্সাৰে৷ স্বামী দীপক হুদাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে অর্জুন বঁটা প্রাপ্রক তথা বিশ্ব চেম্পিয়শ্বিপত পদকজয়ী বক্সাৰ ছুইটী বুৰা। ছুইটীৰ স্বামী দীপক হুদাও এছিয়ান গেমচত ব্রঞ্জৰ পদক বিজয়ী কাবাদী খেলুৱৈ। ২০২২ চনত ছুইটী আৰু দীককে বিবাহ পাশত আৱদ্ধ হৈছিল৷ হাৰিয়ানাৰ হিছাৰ আৰক্ষী থানাত ছুইটীয়ে স্বামী দীপকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। হুদাও এজন অর্জুন বঁটা প্রাপক খেলুৱৈ। ছুইটীৰ অভিযোগ অনুসৰি দীপক হুদাই যৌতুক হিচাপে এক কোটি টকা আৰু এখন এছ ইউ ভি গাড়ী বিচাৰিছিল । সেয়া নোপোৱাৰ বাবেই আৰম্ভ কৰে ছুইটীৰ ওপৰত নিৰ্যাতন। হিছাৰ আৰক্ষী থানাই ইতিমধ্যে হুদালৈ জাননী প্ৰেৰণ কৰিছে৷