দুৰ্নীতিগ্ৰস্ত এচিএছৰ পেন্সন, গ্ৰেচুইটি বন্ধ কৰাৰ নিৰ্দেশ

দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা কৰিছে অসম চৰকাৰে৷ এই ক্ষেত্ৰত চৰকাৰ এতিয়া ইমানেই কঠোৰ হৈছে যে অৱসৰৰ পাছতো ৰেহাই দিয়া নাই কলংকিত বিষয়াক৷ দুর্নীতিত লিপ্ত অসম অসামৰিক সেৱাৰ (এ চি এছ) বিষয়া এজনৰ পেন্সন আৰু গ্ৰেচুইটী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে কৰ্মচাৰী বিভাগে। ২০২২ চনত অৱসৰ গ্ৰহণ কৰা এই বিষয়াজন হৈছে প্ৰদীপ কুমাৰ তালুকদাৰ। কৰিমগঞ্জ জিলাৰ ( বৰ্তমানৰ শ্ৰীভূমি জিলা) উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত দুর্নীতিত লিপ্ত হোৱাকে লৈ তালুকদাৰৰ বিৰুদ্ধে বিভাগীয় গোচৰ চলোৱা হৈছিল। সুতাৰকান্দিত ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত সংহত তালাচী চকী নির্মাণৰ বাবে ভূমি অধিগ্রহণৰ বাবে আৱণ্টিত প্রায় ৬.৬০ কোটি টকাৰ খেলিমেলি হৈছিল তালুকদাৰৰ কাৰ্যকালত৷ প্রকৃত হিতাধিকাৰীক ক্ষতিপূৰণৰ হস্তান্তৰৰ ক্ষেত্ৰত সংঘটিত হৈছিল গুৰতৰ অনিয়ম। মাটিৰ নথিৰ জালিয়াতি কৰি সেই ধন অন্য লোকলৈ হস্তান্তৰৰ অভিযোগ উত্থাপন হৈছিল আৰু এই সম্পৰ্কত ৰুজু হৈছিল ২০ টা গোচৰ৷ এই গোচৰত সেই সময়ত আত্মগোপন কৰি থকা তালুকদাৰক গ্রেপ্তাৰো কৰা হৈছিল। ৰাজ্য চৰকাৰে জ্যেষ্ঠ আই এ এছ বিষয়া বিশ্বৰঞ্জন ছামালক এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ দিছিল আৰু এই তদন্তত তালুকদাৰক দোষী সাব্যস্ত কৰা হৈছিল৷এনে পৰিপ্ৰেক্ষিতত চৰকাৰে সিদ্ধান্ত লৈছে যে বিষয়াজনে অৱসৰকালীন পেন্সন নাপাব। এয়া সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে৷ ইয়াৰ লগতে তেওঁক গ্ৰেচুইটীৰ ধনো আদায় দিয়া নহ'ব।