এডভাণ্টেজ আছাম ২.০ত ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ, আঢ়ৈ লাখ কোটিৰ চুক্তি

এডভান্টেজ আছাম ২.০ বিনিয়োগ সম্মিলনত মুঠ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে অসম চৰকাৰে। আনহাতে, ২.৫০ লাখ কোটি টকাৰ বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। বিনিয়োগৰ পৰিমাণ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।' মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰিছে৷ তেওঁ কয় যে অসম চৰকাৰে ৬ লাখ কোটি টকাৰো অধিক বিনিয়োগৰ প্রস্তাৱ লাভ কৰিছিল৷ কিন্তু চালি-জাৰি চাই যিবোৰ প্ৰকল্প অহা ৩/৪ বছৰত বাস্তৱায়ন কৰাটো সম্ভৱ, সেইবোৰহে গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। অসম এতিয়া পৰনিৰ্ভৰশীল ৰাজ্যৰপৰা স্বনিৰ্ভৰশীল ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ হৈছে। অসম নতুন যাত্ৰাৰ বাবে সাজু হৈ উঠিছে। ৰাজ্যৰ সপোনবোৰ ক্ৰমে বাস্তবায়ন হোৱাৰ পথত আগবাঢ়ি গৈছে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ কাম অহা নৱেম্বৰৰপৰা আৰম্ভ হ'ব। নুমলীগড়ত দেশৰ প্ৰথমটো বায়' ৰিফাইনেৰীত বাঁহেৰে ইথানল তৈয়াৰ কৰি ইন্ধনত ব্যৱহাৰ কৰা হ'ব। অহা জুলাই-আগষ্টত সম্প্ৰসাৰণ কৰা গুৱাহাটী বিমান বন্দৰৰ কাম সম্পূৰ্ণ হ'ব। অহা ছেপ্টেম্বৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণো সম্পূৰ্ণ হৈ উঠিব। অসমে এটা নতুন যুগত প্ৰৱেশ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শর্মাই কয় যে বিকশিত ভাৰতলৈ অসমেও বৰঙণি যোগাবলৈ বিচাৰে আৰু সেই দিশত অগ্ৰসৰ হৈছে৷ ইপিনে, সন্মিলনৰ সামৰণিৰ দিনা বুজাবুজি চুক্তি কৰা কোম্পানী আৰু প্রতিষ্ঠানসমূহৰ ভিতৰত জি ভি আৰ ফিল্ম চিটী লিমিটেডে ২,০০০ কোটি, কোঠাৰি ইণ্ডাষ্ট্রিয়েল কৰ্প'ৰেচন লিমিটেডে ৫০০ কোটি, ভেলী স্ট্রং চিমেণ্ট লিমিটেডে ৪৮০ কোটি, আছাছা ইণ্টাৰনেচনেল মাইনিং লিমিটেডে ১,০০০ কোটি, গ্ল'বেল হেল্থ লিমিটেডে ৫০০ কোটি, মহাবল চিমেন্ট প্রাইভেট লিমিটেডে ১১,০০০ কোটি, জুন্না ছ'লাব ছিষ্টেম্‌ছ লিমিটেডে ২,৫০০ কোটি, ষ্টাৰ চিমেন্ট লিমিটেডে ৩,২০০ কোটি, মাথেছন হাইড্র'জেন প্রাইভেট লিমিটেডে ১,৫০০ কোটি, বিৰিঞ্চি লিমিটেডে ৩,০০০ কোটি, বিৰিঞ্চি হেল্থকেয়াৰ প্রাইভেট লিমিটেডে ২০০ কোটি, বৰুণ বেভাৰেজেছ লিমিটেডে ৫১০ কোটি, টামাৰা লেজাৰ এক্সপিৰিয়েন্স প্রাইভেট লিমিটেডে ২৭৫ কোটি, আল্ট্রাটেক চিমেন্ট লিমিটেডে ৭০০ কোটি, ছিম্বা লজিষ্টিকছে ৪০০ কোটি, ক'পাৰ প্লাছ হ'ল্ডিংছে ১,০০০ কোটি, ট'য়া কনস্ট্রাকচন এণ্ড ইঞ্জিনীয়াৰিং লিমিটেডে ১,২৫০ কোটি, অইল মেক্স প্রাইভেট লিমিটেডে ৪৫০ কোটি, ৰিপানো লিমিটেডে ৩৩৫ কোটি, ৰঘুবংশী আইৰন এণ্ড মিনাৰেল্‌ লিমিটেডে ২০০ কোটি, হংস ফাউণ্ডেচনে ৪০০ কোটি, উবেৰে ১২০ কোটি, যুভান ডেভলপাছে ১৪২ কোটি টকা বিনিয়োগৰ বাবে চুক্তি কৰিছে। তিনি হেজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰিব লগা বিৰিঞ্চি গ্রুপে অসমত দুখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰিব। ২৭৫ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা টামাৰা লেজাৰ এণ্ড এক্সপিৰিয়েন্স প্রাইভেট লিমিটেডে কাজিৰঙাত এখন বিলাসী পঞ্চ তাৰকা ইক' ৰিজ'ৰ্ট নিৰ্মাণ কৰিব। ১,২৫০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা ট'য়া কনস্ট্রাক্‌চনছে খনিজ দ্রব্য খননৰ লগতে ঔষধ, কেমিকেল উদ্যোগ স্থাপন কৰিব। আই টি ই এডুকেচন ছার্ভিচ, চেঞ্চুৰিয়ান ইউনিভাৰ্ছিটা, মেধাৱী স্কিল ইউনিভাৰ্ছিটা আদিয়েও বুজাবুজিৰ চুক্তি কৰে। শৈক্ষিক সহযোগিতাৰ বাবে এই চুক্তি কৰা হৈছে। আনহাতে, নর্থ-ইষ্ট ক'ল ফিল্ড লিমিটেডে ৪,৬৪৩ কোটি আৰু নর্থ-ইষ্ট ইলেক্ট্রিক পাৱাৰ কৰ্প'ৰেচন (নীপকো)-এ ২,৪০০ কোটি টকা; জাহাজ, বন্দৰ আৰু জলপথ মন্ত্রণালয়ে ৪,৮০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।