ধনাধ্য ব্যৱসায়ীৰ বাবে ট্রাম্পৰ 'গ'ল্ড কার্ড'

৪৪ কোটি টকা দিলেই পাব আমেৰিকাৰ নাগৰিকত্ব! আমেৰিকাত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ লোকক হাতত হেণ্ডকাফ, ভৰিত লোহাৰ শিকলি লগাই বিতাড়ন কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ নতুন ভিছা নীতি প্ৰৱৰ্তনৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পাছৰেপৰা নিত্য-নতুন বিতৰ্কিত সিদ্ধান্তৰে চমক দি আহিছে ট্রাম্পে। এইবাৰ তেওঁ প্ৰৱৰ্তন কৰিব এক নতুন ভিছা নীতি। সেই অনুসৰি ৫ নিযুত ডলাৰ (প্রায় ৪৪ কোটি টকা) দিলেই বিদেশী বিনিয়োগকাৰীয়ে পাব মার্কিন নাগৰিকত্ব। এই বিপুল পৰিমাণৰ ধন দিয়াসকলে লাভ কৰিব 'গ'ল্ড কার্ড'। বৰ্তমানৰ 'ইবি-৫' আঁচনিৰ স্থানত ট্রাম্প প্রশাসনে এই 'গ'ল্ড কার্ড' ভিছা আঁচনি প্ৰৱৰ্তন কৰিব। বৰ্তমান দেশখনত মার্কিন নাগৰিকত্ব লাভৰ ক্ষেত্ৰত 'ই বি-৫' আঁচনিৰ অধীনত বিদেশী বিনিয়োগকাৰীক 'গ্রীন কার্ড' প্রদান কৰা হয়। ইয়াৰ বাবে ১ নিযুত ডলাৰ (প্রায় ৮.৭৫ কোটি টকা) বিনিয়োগ কৰিবলগীয়া হয়। এতিয়া আমেৰিকাৰ নাগৰিকত্ব লাভৰ বাবে পূৰ্বৰ তুলনাত ৫ গুণ অধিক ধন আদায় দিব লাগিব। অহা দুসপ্তাহৰ ভিতৰত এই নতুন আঁচনিৰ সবিশেষ প্রকাশ কৰা হ’ব আৰু তাৰ পাছতে ইয়াৰ ৰূপায়ণ কৰা হ'ব। ট্ৰাম্পে কয় যে চৰকাৰে 'গ'ল্ড কার্ড' বিক্ৰী কৰিব। এই গ'ল্ড কাৰ্ডৰ দাম হ'ব ৫ নিযুত ডলাৰ। এই কাৰ্ডৰ জৰিয়তে 'গ্রীন কার্ড'ৰ বিশেষ সুবিধা পাবই আৰু লগতে নাগৰিকত্ব লাভৰো পথ মুকলি হ'ব। প্রায় দহ লাখ 'গ'ল্ড কার্ড' বিক্ৰীৰ কথা চিন্তা কৰা হৈছে। ইয়াৰ জৰিয়তে আঢ্যৱন্ত ব্যৱসায়ীৰ আগমন ঘটিব। এই আঁচনি সফল হ'ব আৰু ৰাষ্ট্ৰীয় ঋণ সোনকালে পৰিশোধ হ'ব বুলিও তেওঁ কয়৷