অলংকাৰ কাঢ়ি নিবৰ বাবেই চেৰাপুঞ্জীত হত্যা কৰা হ’ল নেকি ৰাজা ৰঘুবংশীক?

মেঘালয়ৰ চেৰাপুঞ্জীত ১১ দিন আগতে সন্ধানহীন হৈ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰ্যটক ৰাজা ৰঘুবংশীক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল৷ এই কথা নিশ্চিত কৰিছে পূব খাছি পাৰ্বত্য জিলাৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে । আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ ওচৰৰ পৰা হত্যাত ব্যৱহৃত এখন দা উদ্ধাৰ কৰিছে। অধীক্ষক চিয়েমে কয়, "ৰঘুবংশীক হত্যা কৰা হৈছে, এই লৈ কোনো সন্দেহৰ নাই। অৱশডা° হত্যাকাণ্ডৰ সঠিক কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই।" ঘটনাটোৰ বিতং তদন্তৰ বাবে মহানগৰ আৰক্ষী অধীক্ষক হাবাৰ্ট খাৰকংগৰৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী গোট (SIT) গঠন কৰা হৈছে। এই গোটত চাৰিজন ডিএছপি আৰু দুজন সহকাৰী আৰক্ষী পৰিদৰ্শকক অন্তর্ভুক্ত কৰা হৈছে। নেইগ্রিমছৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ পূৰ্ণাঙ্গ প্ৰতিবেদন অহাৰ পাছত হত্যাৰ বিষয়টো অধিক স্পষ্ট হোৱাৰ আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, ৰাজা ৰঘুবংশী দম্পতীয়ে ভাড়াত লোৱা স্কুটিখন যিখন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছিল, সেয়াৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইখনৰ দূৰত্ব প্ৰায় ২৫ কিলোমিটাৰ। এই তথ্যই স্পষ্ট কৰে যে তেওঁক অপহৰণ কৰি হত্যাৰ ঘটনা সংঘটিত কৰা হৈছিল। ৰঘুবংশীৰ দুটা সোণৰ আঙঠি, সোণৰ এটা চেইন, এখন ব্রেছলেট, মানিবেগ আৰু ম'বাইল ফোন এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। দম্পতীটোৰ হাতত থকা সোণ আৰু ধনৰ বাবেই এই কাণ্ড সংঘটিত কৰাৰো সন্দেহ কৰা হৈছে৷ ৰাজা ৰঘুবংশীৰ গলিত অৱস্থাত থকা মৃতদেহটো চেৰাপুঞ্জীৰ ৱেইচংডং হ্রদৰ ওচৰৰ গভীৰ গড়খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও তেওঁৰ পত্নী সোনমৰ বিষয়ে এতিয়ালৈকে কোনো সন্ধান লাভ হোৱা নাই। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংক্ৰান্তত ৰঘুবংশী দম্পতীৰ পৰিয়ালে চি বি আই তদন্তৰ দাবী উত্থাপন কৰিছে। ইপিনে, ৰাজ্যখনত হোৱা প্ৰবল বৰষুণৰ বাবে প্ৰায়বোৰ পৰ্যটন ক্ষেত্ৰ বন্ধ কৰি দিয়া হৈছে৷