ফ্ৰি পাছৰ উৰাবাতৰি! বেংগালুৰুৰ ক্রীড়া উন্মাদনা, মৃত ১১
প্রথমবাৰলৈ ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ত চেম্পিয়নৰ খিতাপ দখল কৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ বিজয় উৎসৱত সংঘটিত হৈছে ভয়ংকৰ অঘটন। বেংগালুৰুৰ চিন্নাস্বামী স্টেডিয়ামৰ বাহিৰত বিজয় উৎসৱৰ পূৰ্বে পদপিষ্ট হৈ কমেও ১১জন লোকে প্রাণ হেৰুৱাইছে৷ আহত হৈছে অর্দ্ধ শতাধিক লোক। বিজয়ী দলটোক অভিনন্দন আৰু সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে বুধবাৰে কর্ণাটক ৰাজ্যিক ক্রিকেট এছচিয়েচনৰ ফালৰপৰা আয়োজন কৰা হৈছিল বিশেষ অনুষ্ঠানৰ । প্ৰায় ৩৫ হাজাৰ আসন থকা ষ্টেডিয়ামখনৰ বাহিৰত সমবেত হৈছিল প্ৰায় তিনি লাখ লোক আৰু ভিৰৰ বাবে হৈছিল প্রচণ্ড হেঁচা-ঠেলা হয়। বুধবাৰে আবেলি এখন বিশেষ বিমানযোগে ৰয়েল চেলেঞ্জাৰ্ছ দলটো বেংগালুৰুত উপস্থিত হয়। তাৰ পাছতেই বিজয়ী দলটোক কৰ্ণাটক বিধান সভাত ৰাজ্যখনৰ মুখ্যমন্ত্রী ছিদ্দাৰামায়াৰ উপস্থিতিত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সেই সময়তো বিধান সভাৰ বাহিৰত হেজাৰ হেজাৰ অনুৰাগী সমবেত হৈছিল। সেই অনুষ্ঠানৰপৰা দলটো মুকলি বাছেৰে বিজয় উৎসৱত অংশ লোৱাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত সেয়া বাতিল কৰা হয়। দলৰ বিজয় সমদলক লৈও অনুৰাগীৰ মাজত বিভ্রান্তিৰ সৃষ্টি হয়। বিনামূলীয়া প্ৰবেশ পত্ৰ দিয়া হৈছে বুলি প্ৰচাৰ হোৱা এটা উৰাবাতৰিয়েও বিভ্ৰান্তিৰ সৃষ্টি কৰে৷তেনে পৰিস্থিতিতে ষ্টেডিয়ামৰ এক নম্বৰ গেটৰ সমীপত অনুৰাগীৰ মাজত হেঁচা-ঠেলা লাগে আৰু অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বহু লোক অচেতন হৈ পৰে আৰু পদপিষ্টৰ ঘটনা সংঘটিত হয়।
