মৌ মাখিয়ে প্ৰাণ ল’লে কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামীৰ

মৌ মাখিয়ে প্ৰাণ কাঢ়ি নিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ৷ ইংলেণ্ডত প’ল’ খেলি থকা অৱস্থাত ৫৩ বছৰ বয়সীয়া কাপুৰ হৃদৰোগত আক্ৰান্ত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, প’ল’ খেলি থকাৰ সময়তে সঞ্জয় কাপুৰৰ মুখত মৌ মাখি এটা সোমাই যায়৷ ইয়াৰ ফলত তেওঁৰ দেহত এলাৰ্জীৰ সৃষ্টি হয় আৰু তাৰ পৰিণতিত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে । ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে । উল্লেখ্য যে অটোমোবাইল উদ্যোগী আৰু সোণা কমষ্টাৰৰ অধ্যক্ষ সঞ্জয় কাপুৰৰ সৈতে ২০০৩ চনত অভিনেত্ৰী কৰিশ্মা কাপুৰৰ বিবাহ হৈছিল ৷ তেওঁলোকৰ দুটা সন্তান আছে৷ প্ৰায় ১৩ বছৰ একেলগে থকাৰ পিছত ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । বিবাহ বিচ্ছেদৰ পিছত সঞ্জয়ে প্ৰিয়া সচদেৱৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় ।