পথৰ মাজত গছ, গছৰ মাজেৰে পথ

গছ কাটিবলৈ অনুমতি নিদিলে বন বিভাগে পথৰ মাজত গছ, গছৰ মাজেৰে পথ অসমত উন্নয়নৰ নামত গছ কাটি তহিলং কৰাৰ সময়তে বিহাৰৰ ৰাজধানী পাটনাৰপৰা ৫০ কিলোমিটাৰ দূৰৰ জেহেনাবাদত গছৰ মাজেৰে পথ নিৰ্মাণ কৰাৰ এটা খবৰে বিশেষ চর্চা লাভ কৰিছে। তথ্য অনুসৰি স্থানীয় প্রশাসনে গছৰ কটাৰ নামত বন বিভাগে বিচৰা ধৰণে ক্ষতিপূৰণ দিবলৈ অপাৰগ হোৱাৰ বাবেই এইদৰে গছৰ মাজেৰে পথ নিৰ্মাণ কৰিবলৈ বাধ্য হৈছে। প্রায় ১০০ কোটি টকা ব্যয় কৰি জেহেনাবাদৰ পাটনা-গয়া মূল পথটোৰ ৭.৪৮ কিলোমিটাৰ নিৰ্মাণ কৰা হৈছে। এই পথটোৰ মাজত বহুকেইজোপা পুৰণি গছ থকাৰ বাবে প্ৰথম অৱস্থাত প্রশাসন পথ নির্মাণক লৈ বিবুদ্ধিত পৰিবলগীয়া হৈছিল। প্রশাসনে গছখিনি কটাৰ বাবে বন বিভাগৰ অনুমতি বিচাৰে যদিও বিভাগটোৱে গছ কাটিবলৈ অনুমতি দিবলৈ অমান্তি হয়। কিন্তু প্রশাসনে বাৰম্বাৰ হেঁচা দি থকাত বন বিভাগে গছ কেইজোপা কটাৰ ক্ষতিপূৰণ হিচাপে প্ৰশাসনৰপৰা ১৪ হেক্টৰ বনভূমি বিচাৰে। কিন্তু প্রশাসনে বন বিভাগে বিচৰা মতে ক্ষতিপূৰণ দিব নোৱাৰি পথৰ মাজৰ গছবোৰ নকটাকৈয়ে পথ নিৰ্মাণ কৰে।