“ভালপাওঁ” বুলি কোৱাটো যৌন নির্যাতন নহয়!
ভাল লগা কোনো মহিলাক 'আই লাভ ইউ' বুলি কোৱাটো কেৱল অনুভৱৰ প্ৰকাশ আৰু এয়া 'যৌন অভিসন্ধি'ৰ সৈতে একে নহয়! বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এয়া স্পষ্টকৈ কৈছে৷ ২০১৫ চনত এগৰাকী কিশোৰীক নির্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ৩৫ বছৰীয়া এজন যুৱকক দোষমুক্ত ঘোষণা কৰি বিচাৰপীঠখনে এই ৰায় দিয়ে। ন্যায়াধীশ উর্মিলা যোশী-ফালকেৰ বিচাৰপীঠে কয় যে যিকোনো যৌন কাৰ্যৰ ভিতৰত অনুপযুক্ত স্পর্শ, বলপূর্বক কাপোৰ খুলি দিয়া, অশ্লীল ইংগিত বা নাৰীৰ প্ৰতি অপমান কৰাৰ উদ্দেশ্যেৰে কৰা মন্তব্য আদিহে অন্তর্ভুক্ত। অভিযোগ অনুসৰি নাগপুৰত ১৭ বছৰীয়া এগৰাকী কিশোৰীক যুৱকজনে হাতত ধৰি 'আই লাভ ইউ' বুলি কৈছিল। ফলত নাগপুৰৰ এখন সত্ৰ ন্যায়ালয়ে ২০১৭ চনত তেওঁক ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু যৌন অপৰাধৰপৰা শিশু সুৰক্ষা আইনৰ অধীনত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ড বিহে। এই ৰায়ৰ পুনৰীক্ষণ কৰি কালি ন্যায়ালয়ে লোকজনক দোষমুক্ত ঘোষণা কৰি কয় যে তেওঁৰ প্ৰকৃত উদ্দেশ্য ভুক্তভোগীৰ সৈতে যৌন সম্পর্ক স্থাপন কৰা বুলি কোনো প্রমাণ নাই। উচ্চ ন্যায়ালয়ে লগতে কয় যে ভালপাওঁ বুলি কোৱাটো নির্যাতন বা যৌন নিৰ্যাতনৰ আওতাত নপৰে।
