এটি সন্তানৰ লালন-পালন, শিক্ষা-দীক্ষাতে ব্যয় হয় ৪৫ লাখ টকা! চিএই কৰি উলিয়াইছে হিচাপ
দেশৰ নগৰাঞ্চলত বসবাস পৰা মধ্যবিত্ত পৰিয়ালৰ এটি সন্তানক শিক্ষা-দীক্ষা দি ডাঙৰ-দীঘল কৰিবলৈ সমুদায় কিমান টকা খৰছ হ’ব পাৰে? এই প্ৰশ্নৰ উত্তৰটোৱেই হেনো বহু ভাৰতীয় দম্পতীক সন্তান জন্ম দিবলৈ চিন্তিত কৰি তুলিছে৷প্ৰকাশিত তথ্য অনুসৰি নগৰাঞ্চলত বসবাস পৰা মধ্যবিত্ত পৰিয়ালৰ এটি সন্তানক শিক্ষা-দীক্ষা দি ডাঙৰ-দীঘল কৰিবলৈ কমেও ৪৫ লাখ টকাৰ প্ৰয়োজন হয়। মেট্ৰ' চহৰসমূহত এই ব্যয় আৰু অধিক। বেংগালুৰুৰ এগৰাকী উদ্যোগী তথা চার্টার্ড একাউন্টেন্ট মিনাল গোৱেলে এই সম্পৰ্কত এটা হিচাপৰ বিষয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। ইতিমধ্যে এই পোষ্টটো ভাইৰেল হৈছে আৰু ই বিভিন্ন মহলত চিন্তাৰ খোৰাক যোগাইছে। গোৱেলে তেওঁৰ পোষ্টটোত উল্লেখ কৰা মতে, তেওঁ অলপতে লগ পোৱা এক মধ্যবিত্ত দম্পতীয়ে সন্তান জন্ম দিবলৈ কৰা আশংকাৰ কথা কৈ তেওঁক এই কথা কৈছিল। তেওঁলোকে ব্যক্ত কৰা মতে, এটা সন্তানক আজিকালি শিক্ষা-দীক্ষা দি ডাঙৰ-দীঘল কৰিবলৈ কমেও ৪৫ লাখ টকাৰ প্রয়োজন। সেই আর্থিক সামর্থ্য তেওঁলোকে এতিয়াও আহৰণ কৰিব পৰা নাই বাবেই সন্তান জন্ম দিব পৰা নাই। গোৱেলৰ মতে, দম্পতীৰ শংকাৰ বাস্তৱতা অনুভৱ কৰিয়েই তেওঁ এই খৰচৰ এটা অংক কৰি - উলিয়াইছিল- য'ত দেখা গৈছিল যে হয়, এটা সন্তান ধাৰণ কৰাৰ লগে লগেই তাৰ আনুষংগিক খৰচবোৰ আৰম্ভ হয়। অর্থাৎ সন্তানটোরে মাটিত খোজ নিদিয়াৰপৰাই অভিভাৱকে খৰচৰ বোজা বহন কৰিবলগীয়া হয়। গোৱেলৰ মতে, সন্তানটোৰ -প্ৰসৱৰ সময়তে চিকিৎসালয়ত ডেৰ লাখৰপৰা আঢ়ৈ লাখ টকা ব্যয় হয়। জন্মৰ পাছত সন্তানটোৰ টিকাকৰণৰ নামত ব্যয় হয় ৩০ হেজাৰ টকাৰপৰা ৫০ হেজাৰ টকাপর্যন্ত। তাৰ পাছত শিশু খাদ্য, ডাইপাৰ, আয়াৰ নামত বা দম্পতীৰ উভয়ে কৰ্মৰত নহ'লে ক্ৰেছত ৰখাৰ নামত আন তিনি লাখ টকা খৰচ হয়। তাৰ পাছত সন্তানক প্রি-স্কুলত নামভর্তি কৰোৱা, ডে-কেয়াৰত ৰখাৰ নামত আন দুই-আঢ়ৈ লাখ টকা খৰচ হয়। এনেদৰে সন্তানটো স্কুলত নামভৰ্তি কৰাৰ সময়লৈকে অর্থাৎ ০-৬ বছৰলৈ সন্তানটোক লালন-পালন কৰোঁতেই অভিভাৱকৰ ৭-৮ লাখ টকা ব্যয় হয়। তাৰ পাছত আৰম্ভ হয় স্কুল পর্ব। গোৱেলৰ মতে, ছবছৰৰপৰা ১৭ বছৰ পৰ্যন্ত সন্তানটোক প্রাইভেট স্কুলত পঢ়ুৱাবৰ বাৰে কেৱল স্কুলৰ মাচুলৰ নামতে ১২ লাখ টকা ব্যয় হয়। তদুপৰি আছে টিউচন, কোচিং ক্লাছ, ইউনিফর্ম, কিতাপ-কাগজ, প্রজেক্ট, অনলাইন ক্লাছৰ বাবে ইলেক্ট্রনিক গেজেট আদিৰ নামত আন অতিৰিক্ত পাঁচ লাখ টকামান ব্যয় হয়। এইদৰে স্কুল পর্বত সন্তানটোৰ নামত অভিভাৱকে সৰ্বমুঠ ১৭ লাখ টকা ব্যয় কৰিব লাগে। দেশত উচ্চ শিক্ষা আজিকালি অত্যন্ত ব্যয়বহুল হৈ পৰিছে। যিসকল অভিভাৱকে সন্তানৰ সু-ভৱিষ্যতৰ আশাত আগশাৰীৰ ব্যক্তিগত শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰাব বিচাৰে, তেওঁলোকে প্রাইভেট কলেজৰ মাচুল, হোষ্টেলৰ মাচুল বা থকা-খোৱাৰ খৰচ আদি বহন কৰিবলৈ কমেও ১৩ লাখ টকাৰ প্রয়োজন হয়। এইদৰে সন্তানটোৰ নামত অভিভাৱকে ব্যয় কৰিবলগীয়া হয় ৩৮ৰপৰা ৪৫ লাখ টকা। গোৱেলে লগতে ইয়াকো কয় যে সম্প্রতি দেশত শিক্ষাক্ষেত্ৰত মুদ্রাস্ফীতিৰ হাৰ প্ৰায় ১২ শতাংশ। অর্থাৎ প্রতি বছৰেই শিক্ষানুষ্ঠানৰ নামভৰ্তি মাচুল, টিউচন ফীজ আৰু আনুষংগিক ব্যয় ১২ শতাংশ হাৰত বৃদ্ধি হয়। গতিকে এই ব্যয় প্রতি বছৰেই বাঢ়ি গৈ থাকে। তেনেস্থলত সম্প্ৰতি পৰিয়ালসমূহেও সন্তান জন্ম দিয়াৰ আগেয়ে সুচিন্তিত আর্থিক পৰিকল্পনা কৰিবলগীয়া হৈছে।
