লিভ-ইন ৰিলেশ্বনশ্বিপৰ ভয়ংকৰ পৰিণতি
গুৱাহাটীত প্ৰেমিকৰ আত্মহত্যা, সংকটজনক অৱস্থাত প্ৰেমিকা গুৱাহাটী মহানগৰীত লিভ-ইন ৰিলেশ্বনশ্বিপত থকা এহাল যুৱক-যুৱতীয়ে বাচি লৈছে আত্মহননৰ পথ৷ কাহিলীপাৰাৰ কল্যাণী নগৰৰ এটা ভাড়াঘৰত এই ঘটনৰ সংঘটিত হৈছে। ভাড়াঘৰৰ কোঠাৰ ভিতৰতে চিপ লৈ চৰম সিদ্ধান্ত বাচি লৈছে প্ৰেমিক নৱজ্যোতি তালুকদাৰে। দুয়োজনৰ মাজত সৃষ্টি হোৱা সম্পৰ্কৰ সংঘাতৰ বাবেই নৱজ্যোতিয়ে এই সিদ্ধান্ত লোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ আনহাত, প্ৰেমিক নৱজ্যোতিৰ আত্মহননৰ পাছতে হাত কাটি আত্মহননৰ চেষ্টা কৰা দাস উপাধিৰ যুৱতীগৰাকীক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি কৰা হৈছে। তথ্য অনুসৰি বিগত প্ৰায় এবছৰ ধৰি ভাড়াঘৰটোত লিভ-ইন ৰিলেশ্বনশ্বিপত আছিল যুৱক-যুৱতী হাল। প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি নিজকে শেষ কৰিছিল প্ৰেমিক নৱজ্যোতি তালুকদাৰে। প্ৰেমিকাই আৰক্ষীক খবৰ দি নিজৰ হাত কাটি আত্মহননৰ চেষ্টা চলায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰেমিকাক প্ৰেৰণ কৰে চিকিৎসালয়লৈ। অন্যহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নৱজ্যোতি তালুকদাৰৰ মৃতদেহ।
