মুহূৰ্ততে বন্ধ হৈছিল ইঞ্জিনৰ ইন্ধন যোগান, আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰতিবেদন প্ৰকাশ
বিশ্ববাসীক শোকস্তব্ধ কৰা আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰতিবেদন প্ৰকাশ পাইছে। এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ’ (AAIB)ৰ তদন্তত এই শোকাৱহ ঘটনাৰ কাৰণ স্পষ্ট হৈছে।প্ৰতিবেদন অনুসৰি, ১২ জুনত এয়াৰ ইণ্ডিয়াৰ AI 171 বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিবলৈ সাজু হোৱাৰ কিছু মুহূৰ্তৰ পিছতে দুয়োটা ইঞ্জিনৰ ইন্ধন যোগান বন্ধ হৈ পৰে। তদন্তত প্ৰকাশ পাইছে যে মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত ইঞ্জিন ১ আৰু ইঞ্জিন ২ৰ ইন্ধন যোগানৰ ছুইচ ‘RUN’ৰ পৰিৱৰ্তে ‘TURNED OFF’ কৰা হৈছিল। ককপিটৰ ভয়চ ৰেকৰ্ডাৰত ৰেকৰ্ড হোৱা পাইলট আৰু সহ-পাইলটৰ কথোপকথনত শুনা গৈছে যে পাইলটে সহ-পাইলটক ইন্ধনৰ ছুইচ বন্ধ কৰাৰ কাৰণ সোধাত সহ-পাইলটে কয় যে তেওঁ ছুইচ বন্ধ কৰা নাই। তাৎক্ষণিকভাৱে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰললৈ “মে’ডে মে’ডে মে’ডে” বাৰ্তা প্ৰেৰণ কৰে। কিন্তু এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ পৰা কোনো সঁহাৰি নাপালে। ১৫ পৃষ্ঠাৰ তদন্ত প্ৰতিবেদনত কোৱা হৈছে যে বিমানখনত ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ আছিল। ইয়াৰে ১৫ জন বিজনেছ ক্লাছত আৰু দুটা শিশুৰ সৈতে ২১৫ জন ইক’নমি ক্লাছত আছিল। বিমানখনত ৫৪,২০০ কিলোগ্ৰাম ইন্ধন আছিল আৰু মুঠ ২,১৩,৪০১ কিলোগ্ৰাম ওজনৰ সৈতে টেকঅফ কৰিছিল, যিটো নিয়মৰ ভিতৰত আছিল। তদন্তত এয়াও স্পষ্ট হৈছে যে বিমানখনত কোনো বিপজ্জনক সামগ্ৰী নাছিল। উৰণৰ পূৰ্বে দুয়োটা ইঞ্জিন আৰু ইন্ধনৰ নমুনা পৰীক্ষা কৰা হৈছিল, আৰু কোনো বিসংগতি পোৱা হোৱা নাছিল।
