ডাঃ আনন্দ চন্দ্র শর্মা ক্রীড়া উদগনি বঁটা ঘোষণা
ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্রতিনিধিত্ব কৰা বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসমক প্ৰতিনিধিত্ব কৰা পূর্ণিমা কৰ্মকাৰলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ ডাঃ আনন্দ চন্দ্র শর্মা ক্রীড়া উদগনি বঁটা ৷ বিগত তিনিটা বৰ্ষৰ দৰে অহা ১৬ আগষ্টত 'ডাঃ আনন্দ চন্দ্ৰ শৰ্ম্মা ক্রীড়া উদগনি বঁটা" তেজপুৰৰ "বিজয় চন্দ্ৰ আৰু বিমল ভাগৱতী ভৱন”ত প্ৰদান কৰা হ'ব। তেজপুৰ জিলা ক্রীড়া সন্থাৰ সহযোগত ডাঃ আনন্দ চন্দ্ৰ শৰ্ম্মাৰ পৰিয়ালৰ ব্যক্তিগত ট্রাষ্টে পঞ্চাশ হাজাৰ টকীয়া অৰ্থ সাহায্যমূলক এই ক্রীড়া উদগনি বঁটা আগবঢ়াই আহিছে৷ এই বঁটাৰ বাবে তেজপুৰ জিলা ক্রীড়া সন্থাই প্রত্যেক বছৰে এক বা ততোধিক নবীন নূন্যতম ৰাজ্যিক পৰ্য্যায়ত পদক প্রাপ্ত "অলিম্পিক খেলৰ খেলুৱৈ যাৰ প্ৰকৃতাৰ্থত বিত্তীয় সাহায্যৰ প্ৰয়োজন আছে, তেনে খেলুৱৈক নিৰ্বাচন কৰি আহিছে। ২০২২ বৰ্ষত মুষ্টিযোদ্ধা চিত্ৰ ৰাজ লিম্বু আৰু দৌৰবিদ ৰিমজিম শইকীয়াই; ২০২৩ বৰ্ষত হকী খেলুৱৈ পার্কিল আহমেদ আৰু দৌৰবিদ অবিষেক মাহালীয়ে; আৰু ২০২৪ বৰ্ষৰ এই বঁটা লাভ কৰিছিল মুষ্টিযোদ্ধা ইকবাল হুচেইন আৰু ভলীবল খেলুৱৈ ৰিতিন বড়োরে। উল্লেখ্য যে প্ৰসিদ্ধ ফুটবল আৰু ক্ৰিকেট খেলুৱৈ ডাঃ আনন্দ চন্দ্র শৰ্ম্মাই ক্ৰিকেটৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০০৫-২০০৬ বৰ্ষত অসম চৰকাৰৰ "ক্রীড়া উৎকৃষ্টতা সন্মান " (Sports Excellence Award) লাভ কৰিছিল। ডাঃ শৰ্ম্মাই ৰঞ্জী ট্ৰ'ফীত অসম দলৰ হৈ খেলাৰ বিপৰীতে ফুটবলত গুৱাহাটী বিশ্ববিদ্যালয়ক আন্তঃবিশ্ববিদ্যালয় ক্রীড়াত প্রতিনিধিত্ব কৰিছিল। নবম শ্ৰেণীত পঢ়ি থাকোতেই তৰুণ অসম সংঘৰ দলক প্ৰতিনিধিত্ব কৰা, কটন কলেজত আই-এচ্-ছি পঢ়ি থাকোতেই গুৱাহাটী দলক প্রতিনিধিত্ব কৰি প্ৰাৰম্ভিক নুৰুদ্দিন আহমেদ ট্রফী বিজয়ী হোৱাৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত অৱস্থাত ডিব্ৰুগড় জিলাক অধিনায়কত্ব কৰালৈকে তেখেতৰ ক্ৰীড়া জীৱন অতি বর্ণময় আছিল।
