মেলব’ৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ সন্তোষজনক আৰম্ভণি

ভাৰতৰ বিৰুদ্ধে আজিৰেপৰা মেলব’ৰ্ণত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থ টেষ্টৰ প্ৰথম দিনাই সন্তোষজনক স্হিতিত উপনীত হৈছে অষ্ট্ৰেলিয়া ৷টছত জিকি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি আজি খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৬ উইকেটত ৩১১ৰান সংগ্ৰহ কৰিছে ৷ দিনান্তত ষ্টিভ স্মিথে৬৮ আৰু অধিনায়ক পেট কামিনছে ১১ৰানত বেটিং কৰি আছে৷ঘৰুৱা দলটোৰ ইনিংছত অ’পেনাৰদ্বয় ছাম কনষ্টাছ (৬০ৰান) আৰু উছমান খাৱাজাই (৫২ৰান ) ৮৯ৰান যোগ দি দলক সুন্দৰ আৰম্ভণি দিয়ে ৷৭২ৰানৰ বৰঙণি আগবঢ়ায় মাৰ্নুছ লাবুচেইনে ৷ভাৰতৰ জছপ্ৰীত বুমৰাহে ৩টা উইকেট দখল কৰে ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷