বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমৰ পৰাজয়

জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসম পুনৰ পৰাস্ত হৈছে৷৷আজি গ্ৰুপ “এ”ৰ খেলখনত গুজৰাটে অসমক ১৮ৰানত পৰাস্ত কৰে ৷প্ৰথমে বেটিং কৰা অসমে ১৯.১অভাৰত ম৷ত্ৰ ৭৫ৰানতে অলআউট হয়৷সৰ্বাধিক ১৯ৰান কৰি নট আউট হৈ থাকে মুখতাৰ হুছেইন ৷স্বৰূপম পুৰকায়স্থই১৫ ৰানৰ যোগদান দিয়ে ৷বিপক্ষৰ অধিনায়ক চিন্তন গাজাই ৫টা আৰু চি এন জাডেজাই ৪টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত গুজৰাটে ৯.৫অভাৰত ২উইকেটত ৭৮ৰান কৰি জয়লাভ কৰে ৷অসম ইয়াৰ আগেয়ে ঝাৰখণ্ডৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ওড়িশাৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷