সৰুমটৰীয়াৰ ভাড়াঘৰ আছিল অসমৰ ঠিকনা

অসমত ড° মনমোহন সিঙৰ ঠিকনা আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৰুমটৰীয়াস্থিত বাসভৱন৷ শইকীয়াৰে এটা কোঠালি তেওঁ ভাড়ালৈ লৈছিল আৰু নিয়মীয়াকৈ ভাড়াও পৰিশোধ কৰিছিল৷ অসমলৈ চৰকাৰী কাৰ্যসূচীত আহোঁতে তেওঁ মাজে-সময়ে ঘৰটোলৈ গৈছিল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী শইকীয়াৰ পত্নী তথা প্ৰবীন ৰাজনীতিক হেমপ্ৰভা শইকীয়াই ড° সিং ভাৰাতীয়া হিচাপে থকাৰ সময়ৰ স্মৃতি ৰোমন্থন কৰি কয়, “প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত মনমোহন সিঙক ভাৰাতীয়া হিচাপে পাই আমি গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ৷ কেৱল ভাৰাতীয়া হিচাপে নহয়, আমাৰ পৰিয়ালটোৰ সৈতে তেখেতৰ ঘৰুৱা সম্পৰ্ক আছিল৷” মনমোহন সিঙে নিজ হাতেৰে আহাৰ ৰান্ধিও খুৱাইছিল হেমপ্ৰভা শইকীয়াক৷ সেইদৰে অসমীয়া খাদ্য-সম্ভাৰৰ জুতি লৈছিল হেমপ্ৰভা শইকীয়াৰ পৰা৷ ১৯৯১ চনৰ পৰা ৭০০ টকাকৈ ভাড়া আদায় দিছিল ড° সিঙে৷ তেওঁ ২০১৪ চনত অন্তিমবাৰলৈ আহিছিল ভাৰাঘৰটোলৈ৷ উল্লেখ্য যে হিতেশ্বৰ শইকীয়াৰ পৃষ্ঠপোষকতাতে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ সক্ৰিয় ৰাজনীতিলৈ আহিছিল ড° সিং৷