নীলা ৰঙৰ মৌ তৈয়াৰ কৰা মৌমাখিৰ কথা জানেনে ?

প্ৰকৃতি হৈছে এই পৃথিৱীৰ আটাইতকৈ সুন্দৰতম আৰু চমৎকাৰী সৃষ্টি। প্ৰকৃতিয়ে আগবঢ়োৱা এনে কিছুমান অৱদান আছে যিবোৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ হৈ থকাৰ লগতে বিভিন্ন গুণেৰে সমৃদ্ধ। সোণালী ৰঙৰ মৌৰ কথাটো আমি সকলোৱে জানো। কিন্তু আচৰিত হ’লেও সঁচা যে বৰ্তমান মৌ কেৱল সোণালী ৰঙতেই নহয় নীলা ৰঙতো উপলব্ধ। খুব কম সংখ্যক লোকে হয়তো জানে যে পৃথিৱীৰ এখন বিশেষ ঠাইত মৌ মাখিয়ে উৎপাদন কৰে নীলা ৰঙৰ মৌ। উত্তৰ-পূব ফ্ৰান্সৰ ৰিবেউভিল্লে (Ribeauville) নামৰ ঠাইত মৌ পালক সকলে আৱিষ্কাৰ কৰিছে যে তেঁওলোকে পোহা মৌবোৰে নীলা ৰঙৰ মৌ তৈয়াৰ কৰিবলৈ লৈছে। জানিবলৈ পোৱা মতে মৌ মাখিবোৰে মৌচাক খনলৈ ঘূৰি অহাৰ সময়ত অসামান্য ৰূপত বেলেগ ৰঙৰ পদাৰ্থ গাত লৈ উভতি আহে। যাৰ ফলত মৌ বোৰ নীলা ৰঙৰ হৈ পৰে। অনুসন্ধানৰ পৰা গম পোৱা গ’ল যে সেই ঠাইৰ মৌ মাখিবোৰে ওচৰতে থকা আন এখন চহৰৰ বায়’গেছ যন্ত্ৰৰ অৱশিষ্ট সেৱন কৰি আহে যাৰ ফলত সেই অৱশিষ্ট আৰু মৌৰ সংমিশ্ৰণ ঘটি সোণালী ৰঙৰ মৌবোৰ নীলা ৰঙলৈ পৰিৱৰ্তন হ’বলৈ ধৰে। উল্লেখ্য যে সেই বায়’গেছ যন্ত্ৰই ৰঙীন চকলেট তৈয়াৰ কৰা এটা ফেক্টৰীৰ অৱশিষ্ট নিঃসৰণ কৰে। এই কাৰণতেই চকলেটৰ মিঠা সোৱাদ পোৱাৰ বাবে মৌ মাখিবোৰ সেই অৱশিষ্টৰ প্ৰতি আকৰ্ষিত হয় ।