অসমৰ কোন ব্যৱসায়ী, ঠিকাদাৰে কিমান দিলে নিৰ্বাচনী বৰঙণি
নিৰ্বাচনী বৰঙণি হিচাপে শাসকীয় বিজেপি দলে বিগত ২০২৩-২৪ বৰ্ষত লাভ কৰিছিল ২,২৪৪ কোটি টকা৷ আনহাতে, বিৰোধী কংগ্ৰেছ দলে পাইছিল ২৮৮.৯ কোটি৷ এই বৰঙণিত অসমত ব্যৱসায় কৰা, ঠিকা কৰা প্ৰতিষ্ঠান, ব্যৱসায়ী আদিৰো বৰঙণিৰ অংশআছে৷ অসমৰ কোন ব্যৱসায়ী, প্ৰতিষ্ঠানে নিৰ্বাচনৰ বাবে ধন দিছিল বিজেপিক? ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তালিকা অনুসৰি গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙ নিৰ্মাণ কৰি থকা এছ পি ছিংলা কনস্ট্রাকশন প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোৱে বিজেপিক ৫ কোটি টকাৰ বৰঙণি। আনহাতে, ষ্টাৰ চিমেন্ট কোম্পানীয়ে ৫ কোটি টকা আৰু অমৃত চিমেন্টে ২ কোটি টকাৰ বৰঙণি দিছে বিজেপিক। অসম চৰকাৰৰ স্বাস্থ্য বিভাগত ঔষধ যোগনীয়াৰ তথা ঔষধ প্রস্তুতকাৰী প্ৰতিষ্ঠান ঘনশ্যাম ফার্মাচিউটিকেলে শাসকীয় দলটোক ১ কোটি ৪০ লাখ টকা; ঠিকাদাৰী প্রতিষ্ঠান শ্রী বিনায়ক সূর্য এগ্র' ফার্মে ১ কোটি ২৫ লাখ টকা; মাজুলী দলং নিৰ্মাণৰ উপ- ঠিকাদাৰী প্রতিষ্ঠান দুলীয়াজানৰ বব বি এণ্ড কোম্পানীয়ে ১ কোটি টকা; ইন্দাছ টিউব লিমিটেডে ১ কোটি ৫০ লাখ টকা; গুৱাহাটীৰ এছ এম কৰ্প'ৰেশ্বন লিমিটেডে ২ কোটি টকা;এম এম এণ্টাৰপ্ৰাইজে ১ কোটি টকা; ব্যৱসায়ী প্রশান্ত ভূপেন্দ্র ছাকপালে ১ কোটি টকা; কুশল জার্জদিয়াই ৫০ লাখ টকা; সাৰদা প্রজেক্ট লিমিটেডে ১ কোটি টকা; কে এম ডি প্রজেক্ট লিমিটেডে ১ কোটি টকা; ব্যৱসায়ী অশোক ধানুকাই ২০ লাখ টকা; অশোক ছাৰাফে ৫০ লাখ টকা; শিৱশক্তি স্টীল এণ্ড মেটেলে ২৫ লাখ টকা; বিৰাজ এণ্টাৰপ্ৰাইজে ৫০ লাখ টকা; জয়ন্ত খাউণ্ডে ১১ লাখ ২৮ হাজাৰ টকা; অভিশেষ কনস্ট্রাকশ্বনে ২৫ লাখ টকা; ৰাহুল ৰমেশ কুমাৰ জৈনে ৫০ লাখ টকা; অজয় কুমাৰ ধানুকাই ১০ লাখ টকা; মনোজ কুমাৰ পাহাৰীয়াই ৫০ লাখ টকা; কুশল কোঁৱৰে ৫০ লাখ টকা; যশোদা ডেকাই ১০ লাখ টকা; স্বাগতা বৈশ্যই ১০ লাখ টকা; হেমেন ডেকাই, ৫.৩৩ লাখটকা আৰু অভিজিৎ পাটোৱাৰীয়ে ২৫ লাখ টকাৰ বৰঙণি আদায় দিয়াৰ তথ্য প্ৰকাশিত হৈছে৷ ইয়াৰোপৰি অসম মন্ত্রীসভাৰ প্ৰতিজন মন্ত্ৰীয়ে নিজৰ দললৈ ৩ লাখ টকাকৈ বৰঙণি আগবঢ়াইছে।
