মেলব’ৰ্ণ টেষ্টত সমস্যাত ভাৰত
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰৰপৰা মেলব’ৰ্ণত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা সমস্যাত পৰিছে ভাৰত ৷অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে আজি খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৫উইকেটত ১৬৪ৰান সংগ্ৰহ কৰি শলঠেকত পৰিছে ৷ দিনান্তত ঋষভ পণ্টে ৬আৰু ৰবীন্দ্ৰ জাডেজাই ৪ৰানত বেটিং কৰি আছে ৷ যশস্বী জয়ছোৱালে ৮২ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৩৬ ৰান কৰি আউট হয়৷পুনৰ ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা (৩ৰান ) ৷পেট কামিনছ আৰু স্কট বোলাণ্ডে ২টাকৈ উইকেট দখল কৰে ৷ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াই আগদিনাৰ ৫ উইকেটত ৩১১ ৰানৰ পৰা খেলিবলৈ আৰম্ভ কৰি ৪৭৪ ৰানত প্ৰথম ইনিংছ সামৰে ৷ ষ্টিভ স্মিথে ১৪০আৰু অধিনায়ক পেট কামিনছে ৪৯ৰানৰ যোগদান দিয়ে৷ ঘৰুৱা দলটোৰ ইনিংছত অ’পেনাৰদ্বয় ছাম কনষ্টাছ ৬০ৰান আৰু উছমান খাৱাজাই ৫২ৰান কৰাৰ উপৰি ৭২ৰানৰ বৰঙণি আগবঢ়ায় মাৰ্নুছ লাবুচেইনে ৷ভাৰতৰ জছপ্ৰীত বুমৰাহে ৪টা আৰু জাডেজাই ৩টা উইকেট দখল কৰে ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷
