অৰ্জুন গছৰ ছালৰ উপকাৰিতাৰ বিষয়ে জানেনে?

১. হৃদৰোগৰ পৰা দূৰত ৰাখে - অর্জুন গছৰ ছালে হৃদপিণ্ড ভালে ৰখাত মূখ্য ভূমিকা পালন কৰে। এই গছৰ ছালে হৃদপিণ্ড সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ চিষ্টেম যেনে- কার্ডিয়াক মাছল শক্তিশালী কৰে, হৃদপিণ্ডৰ ৰক্ত সঞ্চালন ভালে ৰাখে আৰু হার্টৰ ৰোগ হ’বলৈ নিদিয়া ইত্যাদি কাম কৰে। সেয়ে হার্টৰ সুৰক্ষাৰ বাবে অর্জুন গছৰ ছাল গোটেই ৰাতি পানীত ভিজাই থৈ পিছদিনা‌ একাপ গাখীৰত মিহলাই খাব লাগে । ২.লিভাৰৰ সমস্যাত :- অৰ্জুন গছৰ ছালে আমাৰ লিভাৰক ভালে ৰখাত সহায় কৰে। লিভাৰত কোনো সমস্যা হ’লে আমি বিভিন্ন ধৰণৰ অখাদ্য খোৱা বাবে লিভাৰত বিভিন্ন সমস্যা হয় । সেয়ে লিভাৰক ভালে ৰাখিবলৈ হ’লে অর্জুন গছৰ ছাল ব্যৱহাৰ কৰক। অৰ্জুন গছৰ ছালৰ গুড়ি পানীত ভিজাই ৰাখি পিছদিনা সেই পানী খাওক। ই লিভাৰ টনিক সমান কাম কৰে। যিয়ে আমাৰ লিভাৰক সুস্থ ৰখাত সহায় কৰে। ৩.এজমা ৰোগৰ ঔষধ :- অর্জুন গছৰ ছালে এজমাৰ ক্ষেত্রত এবিধ ভাল ঔষধৰ কাম কৰে। সেয়ে যিসকলে এজমাৰ সমস্যাত ভুগিছে তেওঁলোকে যদি নিয়মিত অর্জুন গছৰ ছাল গুড়ি কৰি গাখীৰত মিহলাই খাব পাৰে তেনেহ’লে এই এজমাৰ সমস্যা সমাধান পাব পাৰে । ৪.কেন্সাৰ প্রতিৰোধত সহায় কৰে :- অর্জুন গছৰ ছালত থাকে গেলিক এচিড আৰু লুটেনোনিন যিয়ে কেন্সাৰৰ কোষ বৃদ্ধি কমোৱাত সহায় কৰে। সেয়ে কেন্সাৰ প্রতিৰোধত অর্জুন গছৰ ছাল অতি উপকাৰী। ৫. হজম ক্ষমতা বৃদ্ধিত সহায় কৰে অর্জুন গছৰ ছালে হজম ক্ষমতা বৃদ্ধিত সহায় কৰে। সেয়ে যিসকলৰ হজমৰ শক্তি কম বা হজমত সমস্যা হয় তেওঁলোকে নিয়মিত প্ৰতি নিশা শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীত অর্জুন গছৰ ছালৰ গুড়ি মিহলাই খাওক। ইয়াৰ ফলত আপুনি হজমৰ সমস্যাৰ পৰা মুক্তি পাব আৰু হজম ক্ষমতা বাঢ়িব। ৬.হাড় ভঙা জোৰা লগোৱা: -: হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। ৭.যক্ষ্মা ৰোগৰ প্ৰতিকাৰক :- অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যহ্মা ৰোগত সুফল পোৱা যায়।