ৰেড্ডীৰ শতকেৰে যুঁজ ভাৰতৰ

নীতিশ কুমাৰ ৰেড্ডীৰ অপৰাজিত শতৰানৰ সহায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰৰপৰা মেলব’ৰ্ণত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থ টেষ্টৰ তৃতীয় দিনা যুঁজ অব্যাহত ৰাখিছে ভাৰতে৷অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে আজি আগদিনাৰ ৫উইকেটত ১৬৪ৰানৰপৰা খেলিবলৈ আৰম্ভ কৰি খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৯ উইকেটত ৩৫৮ ৰান সংগ্ৰহ কৰিছে ৷ দিনান্তত ৰেড্ডীয়ে ১০৫ আৰু মহম্মদ ছিৰাজে ২ৰানত বেটিং কৰি আছে ৷ হাতত মাত্ৰ এটা উইকেট থকা অৱস্থাত ভাৰত এতিয়াও পাছ পৰি আছে ১১৬ ৰানত৷আলহী দলটোৰ ইনিংছত অ’পেনাৰ যশস্বী জয়ছোৱালে ৮২ ৰান কৰে৷ভাৰতে আজি ২২১ৰানতে সাতটা উইকেট হেৰুওৱাৰ পাছত ৰেড্ডীয়ে ৱাশ্বিংটন সুন্দৰৰ ( ৫০ ৰান) সৈতে অষ্টম উইকেটৰ যুটীত ১২৭ ৰান যোগ দি দলক ফল’ অনৰ পৰা ৰক্ষা কৰে ৷কেৰিয়াৰৰ প্ৰথমটো শতৰান কৰা ৰেড্ডীয়ে এই পৰ্যন্ত ১৭৬টা বল খেলি ১০টা বাউন্ডেৰী আৰু এটা অভাৰ বাউন্ডেৰী কোবাইছে৷ পেট কামিনছ আৰু স্কট বোলাণ্ডে ৩টাকৈ উইকেট দখল কৰে ৷ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াই ৪৭৪ ৰানত প্ৰথম ইনিংছ সামৰিছিল ৷ ষ্টিভ স্মিথে ১৪০আৰু অধিনায়ক পেট কামিনছে ৪৯ৰানৰ যোগদান দিয়ে৷ ঘৰুৱা দলটোৰ ইনিংছত অ’পেনাৰদ্বয় ছাম কনষ্টাছে ৬০ আৰু উছমান খাৱাজাই ৫২ৰান কৰাৰ উপৰি ৭২ৰানৰ বৰঙণি আগবঢ়ায় মাৰ্নুছ লাবুচেইনে ৷ভাৰতৰ জছপ্ৰীত বুমৰাহে ৪টা আৰু ৰবীন্দ্ৰ জাডেজাই ৩টা উইকেট দখল কৰে ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷