আকৰ্ষণীয় স্হিতিত মেলব’ৰ্ণ টেষ্ট
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মেলব’ৰ্ণত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থ টেষ্ট আকৰ্ষণীয় স্হিতিত উপনীত হৈছে ৷ চতুৰ্থ দিনৰ শেষত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ৯ উইকেটত ২২৮ ৰান সংগ্ৰহ কৰি সামগ্ৰিক ভাবে ৩৩৩ৰানৰ অগ্ৰগতি লাভ কৰিছে ৷ দিনান্তত নাথন লিয়নে ৪১ আৰু স্কট বোলাণ্ডে ১০ ৰানত বেটিং কৰি আছে ৷ ১৭৩ ৰানত নটা উইকেটৰ পতন ঘটাৰ পাছত লিয়ন আৰু বোলাণ্ডে অন্তিম উইকেটত অপৰাজিতভাবে ৫৬ ৰান যোগ দি দলক শক্তিশালী স্হিতিত উপনীত কৰায় আজি ৷ মাৰ্নুছ লাবুচেইনে ৭০ আৰু অধিনায়ক পেট কামিনছে ৪১ ৰান কৰে৷জছপ্ৰীত বুমৰাহে ৪টা আৰু মহম্মদ ছিৰাজে ৩টা উইকেট দখল কৰে ৷ প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে অগ্ৰগতি লাভ কৰিছিল ১০৫ৰানৰ ৷ ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে আজি আগদিনাৰ ৯উইকেটত ৩৫৮ৰানৰপৰা খেলিবলৈ আৰম্ভ কৰি ৩৬৯ৰানত অলআউট হয় ৷ নীতিশ কুমাৰ ৰেড্ডীয়ে ১১৪ ৰানৰ যোগদান দিয়ে ৷ আলহী দলটোৰ ইনিংছত অ’পেনাৰ যশস্বী জয়ছোৱালে ৮২ ৰান কৰে ৷ পেট কামিনছ ,নাথন লিয়ন আৰু স্কট বোলাণ্ডে ৩টাকৈ উইকেট দখল কৰে ৷ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াই ৪৭৪ ৰানত প্ৰথম ইনিংছ সামৰিছিল ৷ ষ্টিভ স্মিথে ১৪০আৰু অধিনায়ক পেট কামিনছে ৪৯ৰানৰ যোগদান দিয়ে৷ ঘৰুৱা দলটোৰ ইনিংছত অ’পেনাৰদ্বয় ছাম কনষ্টাছে ৬০ আৰু উছমান খাৱাজাই ৫২ৰান কৰাৰ উপৰি ৭২ৰানৰ বৰঙণি আগবঢ়ায় লাবুচেইনে ৷প্ৰথম ইনিংছত বুমৰাহে ৪টা আৰু ৰবীন্দ্ৰ জাডেজাই ৩টা উইকেট দখল কৰে ৷পাঁচখন টেষ্টৰ ছিৰিজত দুয়োটা দলে ১—১ত সমতা স্হাপন কৰি আছে ৷
