৪০৩টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত ড° বসন্ত কুমাৰ গোস্বামী

কামৰূপ জিলাৰ দদৰাৰ ভৃগু কুমাৰ ফুকন প্রেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সপ্তম পূর্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ অন্তত হোৱা ভোেট গণনাত ৪০৩টা ভোেট লাভ কৰি সভাপতি হিচাপে নির্বাচিত হৈছে ডঃ বসন্ত কুমাৰ গোস্বামী। গোস্বামীৰ প্ৰতিদ্বন্দ্বী ডঃ উপেন ৰাভা হাকাচামে লাভ কৰে ৩২৫টা ভোেট। আনহাতে, উপ-সভাপতি পদৰ বাবে হোৱা তিনিকোণীয়া প্রতিদ্বন্দ্বিতাৰ অন্তত পদুম ৰাজখোৱাই ৩৮৮টা ভোেট লাভ কৰি জয়লাভ কৰে। উপ-সভাপতি পদৰ আন দুজন প্ৰাৰ্থী ডাঃ বিপিন কলিতা আৰু চহিৰ ভূঞাই লাভ কৰে ক্ৰমে ২৪৩টা আৰু ১০৫টা ভোট। আনহাতে, সভাৰ প্ৰধান সম্পাদক পদত ৩৯৬টা ভোট লাভ কৰি জয়ী হৈছে দেৱজিৎ বৰা। আন দুজন প্ৰতিদ্বন্দ্বী ডঃ সঞ্জীৱ শৰ্মা আৰু ডঃ অজিত প্রসাদ শর্মাই লাভ কৰে ক্ৰমে ৯৭টা আৰু ২৩৭টা ভোট।