আহোমসকলে পুখুৰী কেনেকৈ খান্দিছিল জানে নে?
অসমত আহোমৰ ৰাজত্ব কালত বহু সংখ্যক পুখুৰী খন্দা হৈছিল। পুখুৰী খন্দা কাৰ্যত বিশেষ পদ্ধতিৰ ব্যৱহাৰ কৰা হৈছিল। পুখুৰী খান্দিবলৈ নিয়োজিত বিষয়া জনক "মাটিচেলেকা" উপাধি প্ৰদান কৰিছিল। বতৰৰ ওপৰত নিৰ্ভৰ কৰি পুখুৰী খন্দাৰ দিন নিৰ্ধাৰণ কৰে আৰু নিদিষ্ট দূৰত্বত মাটিচাকি জ্বলাই লয়। প্ৰতিগছ চাকিৰ ওচৰত এজনকৈ ব্যক্তিক নিযুক্ত কৰা হয়। তেল শেষ নোহোৱাকৈ যিবোৰ চাকি নুমাই যায় সেই ঠাইতে গোজ পোতা হয়। বাকী জ্বলি থকা চাকি সমূহ নুমুৱাই দিয়া হয়। ইয়াৰ পিছত এগছি ডাঙৰ চাকি লৈ গোজ দিয়া ঠাইখিনিত ঘূৰোৱা হয়। গোজ দিয়া মানে পানীৰ পুং /উৎস বুলিও কৈছিল। তেওঁলোকে আৰু এটা পদ্ধতি ব্যৱহাৰ কৰিছিল। কৰালি লোৱা নৰা বগৰীৰ ঠাল এটা পুখুৰী খান্দিবলৈ নমা মানুহ জনে বুকুত লৈ পুখুৰী খান্দিব লগীয়া ঠাইখিনিত সমান্তৰাল গতিত গৈ থাকে। যি ঠাইতে ডালটো উলম্ব হৈ পৰিছিল সেইখিনি ঠাইতে পানীৰ উঁহ পোৱা গৈছিল। আৰু নিদিষ্ট দিন বাৰ চাই পূজা অৰ্চনা কৰি নিদিষ্ট আয়তনত পুখুৰী খন্দা কাম আৰম্ভ কৰিছিল।
