মেলব’ৰ্ণ টেষ্টত ভাৰতৰ পৰাজয়

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলব’ৰ্ণত অনুষ্ঠিত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থ টেষ্টত ভাৰত আজি ১৮৪ৰানৰ ব্যৱধানত পৰাস্ত হৈছে ৷ এই জয়েৰে পাচঁখন টেষ্টৰ ছিৰিজত অষ্ট্ৰেলিয়াই ২—১ৰ অগ্ৰগতি লাভ কৰিছে ৷ জয়ৰ বাবে ৩৪০ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰত টেষ্টৰ আজি অন্তিম দিনা ১৫৫ ৰানত দ্বিতীয় ইনিংছ সামৰি পৰাস্ত হয় ৷ভাৰতৰ ইনিংছত যশস্বী জয়ছোৱালে সৰ্বাধিক ৮৪ ৰান কৰাৰ বিপৰীতে দুই অংকৰ ৰান কৰিবলৈ সক্ষম হয় কেৱল ঋষভ পণ্টেহে (২৮ৰান) ৷ পুনৰ ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা (৯ৰান),কে এল ৰাহুল (০) আৰু বিৰাট কোহলী (৫ ৰান ) ৷ অষ্ট্ৰেলিয়াৰ হৈ পেট কামিনছ আৰু স্কট বোলাণ্ডে ৩টাকৈ উইকেট দখল কৰে ৷ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াই আগদিনাৰ ৯উইকেটত ২২৮ৰানৰপৰা খেলিবলৈ আৰম্ভ কৰি আজি ২৩৪ৰানত দ্বিতীয় ইনিংছ সামৰে ৷৪১ ৰান কৰি আউট হয় নাথন লিয়ন ৷ ১৭৩ ৰানত নটা উইকেটৰ পতন ঘটাৰ পাছত লিয়ন আৰু বোলাণ্ডে অন্তিম উইকেটত ৬১ ৰান যোগ দিয়ে ৷মাৰ্নুছ লাবুচেইনে ৭০ আৰু অধিনায়ক পেট কামিনছে ৪১ ৰান কৰে৷জছপ্ৰীত বুমৰাহে ৫টা আৰু মহম্মদ ছিৰাজে ৩টা উইকেট দখল কৰে ৷ প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে অগ্ৰগতি লাভ কৰিছিল ১০৫ৰানৰ ৷ ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছ সামৰিছিল ৩৬৯ৰানত৷ নীতিশ কুমাৰ ৰেড্ডীয়ে ১১৪ ৰানৰ যোগদান দিয়ে ভাৰতৰ প্ৰথম ইনিংছত৷ আলহী দলটোৰ ইনিংছত অ’পেনাৰ যশস্বী জয়ছোৱালে ৮২ ৰান কৰে ৷ পেট কামিনছ ,নাথন লিয়ন আৰু স্কট বোলাণ্ডে ৩টাকৈ উইকেট দখল কৰে ৷আনহাতে অষ্ট্ৰেলিয়াই ৪৭৪ ৰানত প্ৰথম ইনিংছ সামৰিছিল ৷ ষ্টিভ স্মিথে ১৪০আৰু অধিনায়ক পেট কামিনছে ৪৯ৰানৰ যোগদান দিয়ে৷ ঘৰুৱা দলটোৰ ইনিংছত অ’পেনাৰদ্বয় ছাম কনষ্টাছে ৬০ আৰু উছমান খাৱাজাই ৫২ৰান কৰাৰ উপৰি ৭২ৰানৰ বৰঙণি আগবঢ়ায় লাবুচেইনে ৷ভাৰতৰ বুমৰাহে ৪টা আৰু ৰবীন্দ্ৰ জাডেজাই ৩টা উইকেট দখল কৰে ৷