১ জানুৱাৰীতে কিয় উদযাপন কৰা হয় New Year's Day?

কেতিয়াৰ পৰা আৰম্ভ হৈছিল New Year's Day উদযাপনৰ পৰম্পৰা? কিয় জানুৱাৰীকেই ধৰা হ’ল প্ৰথম মাহ বুলি? প্ৰকৃততে খ্ৰীষ্টপূৰ্ব ৪৫ চনতেই, জুলিয়ান কেলেণ্ডাৰ কাৰ্যকৰী কৰাৰ সময়তে পোন প্ৰথমবাৰৰ বাবে ১ জানুৱাৰীত নৱবৰ্ষৰ দিৱস পালন কৰা হৈছিল। এই কাম কৰা হৈছিল সৃষ্টি আৰু বিনাশৰ ৰোমান দেৱতা জানুছক সন্মান জনাবৰ বাবে। ১৫৮২ চনত পোপ গ্ৰেগৰী ত্ৰয়োদশে জুলিয়ান কেলেণ্ডাৰৰ কিছু ক্ৰুটীৰ শুধৰণিৰ বাবে প্ৰৱৰ্তন কৰা বৰ্তমানৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰখনতো জানুৱাৰী মাহৰ পৰাই বছৰটো আৰম্ভ কৰা হৈছিল, সেয়া অব্যাহত আছে৷