চীনৰ বেংকে ভাৰতত বিনিয়োগ কৰিছে ৪০ হাজাৰ কোটি টকা

চীন দেশৰ কেন্দ্ৰীয় বেংক, পিপলছ বেংক অৱ চাইনাই(পিবিঅ’চি) ভাৰতৰ কমেও ৩৫টা কোম্পানীত বুজন অংকৰ ধন বিনিয়োগ কৰিছে৷ এই কোম্পানী কেইটাত পিবিঅচিৰ প্ৰায় ৪০,০০০ কোটি টকাৰ শ্বেয়াৰ আছে। তথ্য অনুসৰি পিপলছ বেংক অৱ চাইনাই ভাৰতৰ আইচিআইচিআই বেংকৰ ৬,১৩৯ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰিছে৷ এয়া হৈছে বেংকটোৰ ভাৰতত সৰ্ববৃহৎ বিনিয়োগ। ইয়াৰ উপৰিও এইচ ডি এফ চি বেংক, ইনফ’ছিছ, টি চি এছ আৰু পাৱাৰ গ্ৰীডো হৈছে চীনা বেংকটোৰ ইণ্ডিয়া পৰ্টফলিঅ’ৰ অংশ।