মাত্ৰ ১৮৫ ৰানতে ইনিংছ সামৰিলে ভাৰতে

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ পঞ্চম টেষ্ট শুকুৰবাৰৰ পৰা ছিডনীত আৰম্ভ হৈছে ৷ আজি ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰি মাত্ৰ ১৮৫ ৰানতে প্ৰথম ইনিংছ সামৰে ৷ ভাৰতৰ ইনিংছত ঋষভ পণ্টে সৰ্বাধিক ৪০ ৰান কৰে ৷ৰবীন্দ্ৰ জাডেজাই ২৬ আৰু অধিনায়ক জছপ্ৰীত বুমৰাহে ২২ৰানৰ বৰঙনি আগবঢ়ায় ৷ স্কট বোলাণ্ডে ৪টা আৰু মিচেল ষ্টাৰ্কে ৩টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই খেলৰ সামৰণিৰ পৰলৈকে এক উইকেটত প্ৰথম ইনিংছত ৯ ৰান সংগ্ৰহ কৰিছে ৷দিনান্তত ছাম কনষ্টাছে ৭ ৰানত বেটিং কৰি আছে ৷ছিৰিজত অষ্ট্ৰেলিয়াই ২—১ ত অগ্ৰগতি লাভ কৰি থকাত ভাৰতৰ বাবে এইখন টেষ্টৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে ৷ ইফালে ,এইখন টেষ্টত অধিনায়ক ৰোহিত শৰ্মাই নেখেলাৰ সিদ্ধান্ত লোৱাত ভাৰতক নেতৃত্ব প্ৰদান কৰিছে জছপ্ৰীত বুমৰাহে ৷