বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমৰ দ্বিতীয় জয়

জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমে দ্বিতীয় জয় সাব্যস্ত কৰিছে ৷আজি গ্ৰুপ “এ”ৰ খেলখনত অসমে মণিপুৰক ৬ উইকেটত পৰাস্ত কৰে ৷প্ৰথমে বেটিং কৰা মণিপুৰে ৫০অভাৰত ম৷ত্ৰ ১৬২ৰানতে অলআউট হয়৷সৰ্বাধিক ৩৬ৰান কৰে এল কেইচাংবামে ৷ অভিনৱ চৌধুৰীয়ে ৩টা,মুখতাৰ হুছেইন আৰু দৰ্শন ৰাজবংশীয়ে ২টাকৈ উইকেট দখল কৰে৷ প্ৰত্যুত্তৰত অসমে ৩৬.৫অভাৰত ৪উইকেটত ১৬৩ ৰান কৰি জয়লাভ কৰে ৷ডেনিছ দাসে ৫৫ আৰু ছাহিল জৈনে ৫৪ ৰান কৰি নট আউট হৈ থাকে ৷অসম ইয়াৰ আগেয়ে ঝাৰখণ্ড, গুজৰাট ,হাৰিয়ানাৰ আৰু গোৱাৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ওড়িশাৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷