ঋষভ পণ্টৰ বিস্ফোৰক অৰ্দ্ধ শতক
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ পঞ্চম টেষ্ট আকৰ্ষণীয় স্হিতিত উপনীত হৈছে ৷শুকুৰবাৰৰ পৰা ছিডনীত অনুষ্ঠিত টেষ্টখনৰ আজি দ্বিতীয় দিনা ভাৰতে দ্বিতীয় ইনিংছত ৬ উইকেটত ১৪১ ৰান সংগ্ৰহ কৰি সামগ্ৰিকভাবে ১৪৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে ৷ দিনান্তত ৰবীন্দ্ৰ জাডেজাই ৮ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰানত বেটিং কৰি আছে ৷ভাৰতৰ ইনিংছত যশস্বী জয়ছোৱাল (২২ৰান),কেএল ৰাহুল (১৩ ৰান),শুভমন গীল (১৩ৰান ) আৰু বিৰাট কোহলী (৬ৰান)আউট হোৱাৰ পাছত ঋষভ পণ্টে এক বিস্ফোৰক অৰ্ধ শতৰানেৰে ভাৰতৰ ইনিংছ কিছু সন্তোষজনক কৰি তোলে ৷পণ্টেআজি মাত্ৰ ৩৩টা বলত ৬টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰীৰে ৬১ ৰান কৰি আউট হয় ৷ স্কট বোলাণ্ডে ৪টা উইকেট দখল কৰে ৷ ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াই আগদিনাৰ১উইকেটত ৯ৰানৰ পৰা খেলিবলৈ আৰম্ভ কৰি আজি ১৮১ ৰানত প্ৰথম ইনিংছ সামৰে ৷অভিষেক মেচত বিউ ৱেবষ্টাৰে ৫৭ ৰান কৰে ৷ভাৰতৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে জছপ্ৰীত বুমৰাহ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ২টাকৈ উইকেট দখল কৰে ৷ ভাৰতে প্ৰথম ইনিংছত কৰিছিল ১৮৫ ৰান ৷ পণ্টে ৪০ , জাডেজাই ২৬ আৰু অধিনায়ক বুমৰাহে ২২ৰানৰ বৰঙনি আগবঢ়ায় ৷ স বোলাণ্ডে ৪টা আৰু মিচেল ষ্টাৰ্কে ৩টা উইকেট দখল কৰে ৷ ছিৰিজত অষ্ট্ৰেলিয়াই ২—১ ত অগ্ৰগতি লাভ কৰি থকাত ভাৰতৰ বাবে এইখন টেষ্টৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে ৷ ইফালে ,এইখন টেষ্টত অধিনায়ক ৰোহিত শৰ্মাই নেখেলাৰ সিদ্ধান্ত লোৱাত ভাৰতক নেতৃত্ব প্ৰদান কৰিছে জছপ্ৰীত বুমৰাহে ৷
