ভাৰত পুনৰ পৰাস্ত ,ছিৰিজত অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠত্ব

অষ্ট্ৰেলিয়াই বৰ্ডাৰ —গাভাস্কাৰ ট্ৰফী ছিৰিজৰ পঞ্চম তথা অন্তিম টেষ্টত ৬ উইকেটত জয়লাভ কৰিছে ৷ এই জয়েৰে অষ্ট্ৰেলিয়াই ছিৰিজত ৩—১ৰ ব্যৱধানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে ৷জয়ৰ বাবে টেষ্টৰ আজি তৃতীয় দিনা ঘৰুৱা দলটোৱে ১৬২ ৰানৰ লক্ষ্য লাভ কৰে ৷ প্ৰত্যুত্তৰত ছিডনীত আজি অষ্ট্ৰেলিয়াই ৪ উইকেটত ১৬২ৰান কৰি জয়লাভ কৰে ৷ ট্ৰেভিছ হেডে ৩৪ আৰু বিউ ৱেবষ্টাৰে ৩৯ ৰান কৰি নট আউট হৈ থাকি এই জয়ত নিৰ্ণায়ক ভূমিকা লয় ৷আঘাতৰ বাবে আজি বলিং কৰিব নোৱাৰিলে ভাৰতৰ প্ৰধান বলাৰ জছপ্ৰীত বুমৰাহে৷ প্ৰসিদ্ধ কৃষ্ণই ৩টা উইকেট দখল কৰে ৷ইয়াৰ আগেয়ে ভাৰতে আগদিনাৰ ৬ উইকেটত ১৪১ ৰানৰ পৰা খেলিব লৈ আজি ১৫৭ ৰানতে দ্বিতীয় ইনিংছ সামৰে ৷ ভাৰতৰ ইনিংছত যশস্বী জয়ছোৱাল (২২ৰান),কেএল ৰাহুল (১৩ ৰান),শুভমন গীল (১৩ৰান ) আৰু বিৰাট কোহলী (৬ৰান) ব্যৰ্থ হোৱাৰ বিপৰীতে কালি ঋষভ পণ্টে মাত্ৰ ৩৩টা বলত ৬টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰীৰে ৬১ ৰান কৰিছিল ৷ স্কট বোলাণ্ডে ৬টা উইকেট দখল কৰে ৷ ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াই ১৮১ ৰানত প্ৰথম ইনিংছ সামৰিছিল ৷ অভিষেক মেচত ৱেবষ্টাৰে ৫৭ ৰান কৰে ৷ভাৰতৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে জছপ্ৰীত বুমৰাহ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ২টাকৈ উইকেট দখল কৰে ৷ ভাৰতে প্ৰথম ইনিংছত কৰিছিল ১৮৫ ৰান ৷ বোলাণ্ডে মেন অৱ দ্য মেচৰ আৰু বুমৰাহে লাভ কৰে ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটঁ৷