বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমৰ তৃতীয় জয়

জয়পুৰত চলি থকা বিজয় হাজাৰে ট্ৰফী ক্ৰিকেটত অসমে তৃতীয় জয় সাব্যস্ত কৰিছে ৷আজি গ্ৰুপ “এ”ৰ অন্তিম খেলখনত অসমে উত্তৰাখণ্ডক ৬ উইকেটত পৰাস্ত কৰে ৷প্ৰথমে বেটিং কৰা উত্তৰাখণ্ডে ৫০অভাৰত ৮উইকেটত ৩১০ৰান কৰে ৷ ৰবিকুমাৰ সামৰ্থই ১১৩ আৰু আদিত্য টাৰেইঅপৰাজিত ৮১ ৰান কৰে ৷ দৰ্শন ৰাজবংশীয়ে ৩টা আৰু আকাশ সেনগুপ্তই ২টা উইকেট দখল কৰে৷ প্ৰত্যুত্তৰত অসমে ৪৯.১অভাৰত ৪উইকেটত৩১২ ৰান কৰি জয়লাভ কৰে ৷ শিৱশংকৰ ৰয়ে ৭১ আৰু ছাহিল জৈনে ৩০ৰান কৰি নট আউট হৈ থাকে ৷ সুমিত ঘাড়িগাওকাৰে ৬৫, ডেনিছ দাসে ৬১ আৰু ঋষভ দাসে ৫৮ ৰান কৰি নট আউট হৈ থাকে ৷অসম ইয়াৰ আগেয়ে ঝাৰখণ্ড, গুজৰাট ,হাৰিয়ানাৰ আৰু গোৱাৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ওড়িশা আৰু মনিপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷