চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, ২.৪৮ কোটিলৈ বৃদ্ধি পালে ভোটাৰ

যোৱা এক জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। এই তালিকা অনুসৰি ৰাজ্যখনৰ ৰাজ্যৰ সংশোধিত চূড়ান্ত ভোটাৰ ভোটাৰৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ২ কোটি ৪৮ লাখ ৬১ হেজাৰ ৯৭৯ জন। ইয়াৰে ভিতৰত পুৰুষ ১,২৪,১৭,৬২২ জন, মহিলা ১,২৪,৪৩,১৬৭ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩৯০ গৰাকী। এই পৰিসংখ্যা অনুসৰি ৰাজ্যত সম্প্রতি পুৰুষতকৈ মহিলা ভোটাৰ ২৬,৩৪৫ গৰাকী অধিক।