মানুহে দৈনিক কিমান পানী খাব লাগে? ডা° তপন শইকীয়াই দিছে পৰামৰ্শ৷

মানুহে দৈনিক কিমান পৰিমাণে পানী খাব লাগে? এই লৈ বিতৰ্কৰ অন্ত নাই৷ বিভিন্নজনে এই সম্পৰ্কত বিভিন্নজনে বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ অসম সন্তান, দেশৰ প্ৰসিদ্ধ কৰ্কট ৰোগ বিশেষজ্ঞ ডা° তপন শইকীয়াই ছ’চিয়েল মিডিয়াত এই সম্পৰ্কত এক ব্যাখ্যা আগবঢ়াইছে,“ স্কুলৰ দিনত আমি পানীৰ বটল লৈ যাব নালাগিছিল। দমকল দুটামান থাকে। কোনোবা চাৰৰ ক্লাচ ভাল নালাগিলে “পিয়াহ লাগিছে বা বাহিৰলৈ যাওঁ” বুলি ১৫-২০ মিনিট সেইখিনিত সময় কটাওঁ। পিয়াহ নাই অথচ খাওঁ ! পানীৰ সোৱাদো ভাল নালাগে - প্ৰয়োজন নাই যেতিয়া মগজুৱে - “নাখালেও হ’ব দে”। অৱশ‍্যে আবেলিৰ পৰা সন্ধিয়া হোৱালৈকে ফুটবলৈ খেলি বা অগনণ দৌৰ-জাপৰ শেষত পিয়াহ লাগে আৰু দমকলৰ পানীখিনি মিঠাও লাগে। আজিকালি প্ৰায়বোৰ স্কুলত খোৱা পানীৰ ব‍্যৱস্থা থাকেই, (যদি নাই, অত‍্যন্ত দুখৰ কথা) - দমকল সকলো ঠাইত নাথাকে বা তাৰপৰা স্বাস্থ‍্যসন্মত পানী নোলায়। তথাপি প্ৰকাণ্ড বটল এটাত পানী ভৰাই গধুৰ বেগটো অধিক গধুৰ কৰি পঠিওৱা হয়। বহুসময়ত বটলটো তেনেকৈয়ে ঘূৰি আহে। সৰু বটল এটা দিলেই হ’ল। ৩০ বছৰ আগলৈকে কেইজনে দূৰনি যাত্ৰা কৰিলে পানীৰ বটল নিছিল? কেইজন পানী নোখোৱাৰ অভাৱত হস্পিতাললৈ যাব লগা হৈছিল? এতিয়া আকৌ IV drip ৰ বাবে দোকান/kiosk খুলিছে। ৰাতি মাদক দ্ৰব‍্য খাই বা সেৱন কৰি ৰাতিপুৱা ১ লিটাৰ IV fluid লৈ fresh হলোঁ বুলি ভাবে। আজিকালি আমি পানীৰ বটলটো status symbol কৰি পেলালোঁ। উৰাজাহাজ বা বাচত উঠি বটলটো সবকে কিছুসময় দেখুৱাই হে বহিবলৈ লয়। পাহৰনিত ওপৰত থাকি গ’লে আৰু মুখনিখন ঢিলা হৈ থাকিলে আমিবোৰৰ শৰীৰ জুৰুলি-জুপুৰি হয়। প্ৰকৃতিয়ে অনন্ত কালৰ পৰা আমাক গঢ়িলে আৰু এক সুন্দৰ ব‍্যৱস্থা কৰি থৈছে - কেতিয়া কি কৰিব লাগে! মাত্ৰ এই ইংগিত সমূহ বুজিব পাৰিব লাগে।আমাৰ মগজু, কিডনী, তেজ আৰু পাকস্থলী/ক্ষুদ্ৰান্ত্ৰ/বৃহদান্ত্ৰ প্ৰকৃতিয়ে সুন্দৰ ভাবে নেটৱৰ্কৰ জৰিয়তে সংযোজন কৰি থৈছে - চিগনেল বা ইংগিত সমূহ বুজিব পাৰিলেই হ’ল। এইযে ৮x৮ গিলাচ পানী খাবই লাগিব - আমাৰ ছালখন সুন্দৰ হ’ব, তেনে কোনো বৈজ্ঞানিক তথ‍্য নাই। প্ৰয়োজন বোধে দৈনিক ১.৫ লিটাৰ (পানী, চাহ, কফি, ফল, দাইলৰ পানী ইত‍্যাদি) হ’লেই যথেষ্ট।আপোনাৰ ছালখনৰ স্বাস্থ‍্য বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে। এইয়াও প্ৰকৃতিয়ে ঠিক কৰি থৈছে। Cosmetic surgeon এ বা lux চাবোনে কি কৰিব পাৰে সেইয়া সুকীয়া কথা। অৱশ‍্যে খেলুৱৈ, গৰমৰ দিন, গৰ্ভৱতী মহিলা, ইত‍্যাদিৰ ক্ষেত্ৰত সুকীয়া।এতিয়া ১ মাইল লাহে লাহে দৌৰি বা খোজকাঢ়ি দুইলিটাৰ পানী ঠেচি দিয়াৰ প্ৰয়োজন নাই। পানী লাগে - কিন্তু অধিক পানীৰ প্ৰয়োজন নাই। প্ৰয়োজনতকৈ অধিক শৰীৰলৈ গ’লে sodium ৰ মাত্ৰা হ্ৰাস হৈ ডাঙৰ সমস‍্যাৰ হে সৃষ্টি হয়। আজিকালি ৫-১০ কিলোমিটাৰ দীৰ্ঘ দূৰত্বৰ প্ৰতিযোগিতা আৰু লাখ লাখ পানীৰ বটল। লগত মিঠাই আৰু চিংগাৰা। বয়স বাঢ়িলে অৱশ‍্যে বহুতে পানীৰ প্ৰয়োজন অনুভব কৰিব নোৱাৰে - মগজুৰ পৰা ইংগিত দুৰ্বল হৈ পৰে। সেয়ে বয়সীয়ালজনৰ ওচৰত পানী এগিলাচ থকা ভাল আৰু ঘৰৰ মানুহে সোৱঁৰাই থাকিব লাগে। পানীৰ নামত আজি এক ডাঙৰ ব‍্যৱসায় -“আমাক পানী খুৱাই দিছে” …কথাসাৰৰ অৰ্থই সলনি হ’ল। আলহী আহিলে পানীগিলাচ আগবঢ়াবনে? নিশ্চয় - সৰু গিলাচত। একে উশাহতে গিলিলে, সুধিব “আৰু অলপ দিম নে”? অপচয় কম হ’ব।”