জেইই মেইন ২০২৫ৰ ফলাফল ঘোষণা, ১৪জন শিক্ষাৰ্থীয়ে পাইছে এশ শতাংশ নম্বৰ

জেইই মেইন ২০২৫ৰ ফলাফল ঘোষণা, ১৪জন শিক্ষাৰ্থীয়ে পাইছে এশ শতাংশ নম্বৰ JEE Main Session 1 ৰ ফলাফল ঘোষণা কৰা হৈছে৷ ঘোষিত ফলাফল অনুসৰি ১৪ জন ছাত্ৰ-ছাত্ৰীয়ে ১০০ শতাংশ লাভ কৰিছে৷ নেচনেল টেষ্টিং এজেঞ্চিয়ে জানুৱাৰী মাহত অনুষ্ঠিত কৰা প্ৰথমখন পেপাৰৰ জেইই মেইন চেচন ১ৰ ফলাফল ঘোষণা কৰিছে। এই বছৰ ১৪ জন ছাত্ৰ-ছাত্ৰীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে, ইয়াৰে পাঁচজন ৰাজস্থানৰ। অন্ধ্ৰ প্ৰদেশৰ চাই মনোগনা গুঠিকোণ্ডা হৈছে একমাত্ৰ মহিলা টপাৰ। প্ৰাৰ্থীসকলে নিম্নোল্লিখিত ৱেবছাইটবোৰত ফলাফল পৰীক্ষা কৰিব পাৰে: jeemain.nta.nic.in, cnr.nic.in আৰু examinationservices.nic.in।