ডিচিৰ ফেচবুক পোষ্টত ‘হা হা’ ৰিয়েক্ট দি বিপদত প্ৰাক্তন বিধায়কৰ পুত্ৰ

ডিচিৰ ফেচবুক পোষ্টত ‘হা হা’ ৰিয়েক্ট দি বিপদত প্ৰাক্তন বিধায়কৰ পুত্ৰ ফেচবুক পোষ্টত ৰিয়েক্ট দিওঁতেও হ’ব লাগিব সাৱধান! ফেচবুক পোষ্টত ‘হা হা’ ৰিয়েক্ট দি বিপদত পৰিছে এজন যুৱক। জিলা আয়ুক্তৰ এটা ফেচবুক পোষ্টত হা হা ৰিয়েক্ট কৰি আদালৰ পৰা জামিন ল’বলগীয়া হৈছে যুৱকজনে। যুৱকজন হৈছে ঢেকীয়াজুলিৰ অমিত চক্ৰৱৰ্তী। ঢেকীয়াজুলিৰ।অমিত চক্ৰৱৰ্তী হৈছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক প্ৰয়াত হাবুল চক্ৰৱৰ্তীৰ পুত্ৰ। ২০২৩ চনত সেই সময়ৰ কোকৰাঝাৰৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই ফেচবুকত এটা পোষ্ট দিছিল। সেই ফেচবুক পোষ্টটোত নৰেশ বৰুৱা নামৰ এজন লোকে মন্তব্য কৰিছিল —‘আজি মেকআপত নাই নেকি মেম?’ এই মন্তব্যত ঢেকীয়াজুলিৰ অমিত চক্ৰৱৰ্তীয়ে কৰিছিল “হা হা” ৰিয়েক্ট৷ ইয়াতে ক্ষুদ্ধ হৈ ফেচবুকত বৰ্ণালী ডেকাই এজাহাৰ দাখিল কৰিছিল। সেইমৰ্মে ৰুজু হোৱা গোচৰত কোকৰাঝাৰ চিজেএম ক’ৰ্টত গোচৰৰ জামিন ল’বলগীয়া হৈছে অমিত চক্ৰৱৰ্তীয়ে। বৰ্তমান নলবাৰীৰ জিলা আয়ুক্ত হৈ থকা বৰ্ণালী ডেকাই ‘হা হা’ ৰিয়েক্টৰ বাবেই গোচৰ তৰা সম্পৰ্কত অমিত চক্ৰৱৰ্তীয়ে কয়, ‘‘বহু পোষ্টত আমি কেতিয়াবা লাইক কৰো, কেতিয়া ৰিয়েক্ট কৰো। আচলতে মই গমেই পোৱা নাছিলো যে তেখেত এগৰাকী আইএএছ বিষয়া বা ডিচি। কমেণ্ট এটা আহিছিল, মই অলপ ধেমেলীয়া পালো, হাহা ৰিয়েক্ট কৰি দিলো। সেয়া ২০২৩ৰ কথা। মোলৈ ফোন আহিছে ২৩ জানুৱাৰীত। কোকৰাঝাৰ অ’চিয়ে ফোন কৰি থানালৈ মাতে। তেতিয়াহে মই গম পালো যে মোৰ নামত গোচৰ ৰুজু হৈছে। জানিব পাৰিলো যে বৰ্ণালী ডেকাই মোৰ ওপৰত হা হা ৰিয়েক্ট দিয়াৰ কাৰণে গোচৰ দিছে। মই বহুত দুখ পাইছো।’