স্নানৰ বাবেও অনুপযুক্ত গংগাৰ পানী! চিপিচিবিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য
ভয়ংকৰভাৱে প্ৰদূষিত হৈছে পৱিত্ৰ গংগা নদী। স্নানৰ বাবেও এতিয়া অনুপযুক্ত নৈখনৰ পানী। মাত্রাধিক প্ৰদূষণে তীর্থযাত্ৰীৰ লগতে স্থানীয় লোকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ প্রয়াগৰাজত জল প্রদূষণ অধিক বৃদ্ধি পাইছে। কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব'র্ডে (চি পি চি বি) যোৱা ৩ ফেব্ৰুৱাৰীত এই সন্দর্ভত দাখিল কৰা অনুসৰি নৈখনৰ যিবোৰ স্থানৰ পানীৰ মান পৰীক্ষা কৰা হৈছে, সেইবোৰ স্থানত অত্যধিক বিষ্ঠাজনিত বীজাণু পোৱা গৈছে। মহাকুম্ভমেলাৰ যিবোৰ স্থানত লাখ লাখ লোকে গংগা স্নান কৰিছে, সেইবোৰ স্থানতো মাত্রাধিক জল প্রদূষণ দেখা গৈছে।এই সম্পৰ্কত ক্ষুব্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ৷ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ নেতৃত্বাধীন বিচাৰপীঠে উত্তৰ প্ৰদেশ প্রদূষণ নিয়ন্ত্রণ ব'র্ড (ইউ পি পি চি বি)ক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বিচাৰপীঠে কয়, 'আপোনালোকে মলেৰে প্ৰদূষিত পানীত ৫০০ নিযুত লোকক স্নান কৰিবলৈ দিছে। গা ধুবলৈও অনুপযুক্ত পানী মানুহে খাবলগীয়া হৈছে।' পূৰ্বতে দিয়া এক নিৰ্দেশ অনুসৰি উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্রণ ব'ৰ্ডে গংগাৰ প্ৰদূষণক লৈ বিশদ প্রতিবেদন দাখিল নকৰাত ক্ষুব্ধ বিচাৰপীঠে কয়, 'আপোনালোকে কাৰোবাৰপৰা হেঁচা পোৱা যেন লাগিছে।' আনহাতে, কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব'র্ডে প্রতিবেদন দিয়াৰ প্ৰায় দুসপ্তাহ পাছতো উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্রণ ব'র্ডে প্রদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা নোলোৱাত ন্যায়াধিকৰণে তীব্র অসন্তুষ্টি প্রকাশ কৰে।
