১৫০ বিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব অসমৰ
ভাৰতবৰ্ষৰ বিকাশ আৰু উন্নয়নত অসমৰ অৱদান ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিগত ছটা বছৰত অসমৰ অৰ্থনীতি দুগুণ বিকাশ হৈছে৷ অসম এতিয়া ৬ লাখ কোটি টকাৰ অৰ্থনীতিৰ এখন ৰাজ্যত পৰিণত হৈছে। দেশ-বিদেশৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিক আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে আয়োজন কৰা 'এডভান্টেজ আছাম ২.০' ত ভাষণ দি এই মন্তব্য কৰিছে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ মোডীয়ে কয় যে এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হোৱা ২০১৮ চনত অসমৰ অর্থনীতি আছিল প্রায় ২.৭৫ লাখ কোটি টকাৰ। আজি অসম ছয় লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হৈছে। অর্থাৎ মাত্র ছবছৰতে অসমৰ অর্থনীতি দুগুণ বৃদ্ধি হৈছে৷ এয়া কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰৰ ডাবল প্ৰভাৱৰ ফল। আজি পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতত এক নতুন ভৱিষ্যতৰ সূচনা হৈছে ৷ মোডীয়ে কয়, 'এডভান্টেজ আছাম হৈছে অসমৰ অপাৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে বিশ্বক পৰিচয় কৰি দিয়াৰ এক বৃহৎ পদক্ষেপ।' বর্ণমালা শিকোঁতে মানুহে 'এ ফৰ আছাম' বুলি ক'ব বুলি তেওঁ ২০১৩ চনত কৰা মন্তব্য আজি সত্য প্রমাণিত হোৱাৰ পথত৷ দেশৰ অৰ্থনীতিৰ সকলো খণ্ড আৰু স্তৰতে উল্লেখযোগ্য সংস্কাৰ সাধন কৰি থকা হৈছে আৰু দেশৰ আন্তঃগাঁথনিত চৰকাৰে যথেষ্ট বিনিয়োগ কৰিছে বুলি উল্লেখ কৰি মোডীয়ে কয় যে প্রাতিষ্ঠানিক সংস্কাৰ, উদ্যোগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ সমন্বয়ত ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি উঠিছে। দেশৰ লগতে ডাবল ইঞ্জিনৰ গতিৰে আগবাঢ়ি যোৱা অসমতো এই প্রগতি দেখা গৈছে। তেওঁ লগতে কয়, '২০৩০ চনৰ ভিতৰত অসমে ইয়াৰ অর্থনীতিক ১৫০ বিলিয়ন মার্কিন ডলাৰৰ অৰ্থনীতিত পৰিণত কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। অসমৰ সক্ষম আৰু প্রতিভাশালী জনসাধাৰণ আৰু চৰকাৰৰ দায়বদ্ধতাই ৰাজ্যখনক এই লক্ষ্যত উপনীত কৰাব বুলি মই আশাবাদী"৷
